শ্বিলং , ৪ আগষ্ট, ২০২৪: চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ (Durand Cup) ফুটবল প্ৰতিযোগিতাৰ কাইলৈ শ্বিলংৰ জৱহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগা গ্ৰুপ ‘এফ’ৰ দ্বিতীয়খন মেচত দুই আই এছ এল দল এফ চি গোৱা আৰু হায়দৰাবাদ এফ চি মুখামুখি হ’ব৷ নিশা সাত বজাৰ পৰা এই মেচখন অনুষ্ঠিত হ’ব৷ উভয় দলৰে এয়া নতুন ছিজনৰ প্ৰথম মেচ৷ ইফালে, কাইলৈ অনুষ্ঠিত হ’বলগা দিনটোৰ দ্বিতীয় মেচখনত মুম্বাই চিটী এফ চিয়ে চি আই এছ এফ ফুটবল দলৰ বিৰুদ্ধে খেলিব৷ কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত আবেলি চাৰি বজাৰ পৰা গ্ৰুপ ‘চি’ৰ এই মেচখন অনুষ্ঠিত হ’ব৷

প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত দিনটোৰ প্ৰথম মেচখনত কেৰালা ব্লাষ্টাৰ্ছ এফ চি আৰু পঞ্জাৱ এফ চিয়ে ১-১ গলত ড্ৰ খেলি পইণ্ট ভগাই লয়৷ কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত গ্ৰুপ ‘চি’ৰ এই মেচখনত পঞ্জাৱ দলৰ হৈ ৪৫ মিনিটত মাজকেনে গল কৰি দলক প্ৰথমে অগ্ৰগতি দিয়ে যদিও কেৰালা ব্লাষ্টাৰ্ছৰ হৈ ৫৬ মিনিটত আমিনে গল কৰি সমতা স্থাপন কৰে৷ উল্লেখ্য যে এইবাৰ ডুৰাণ্ড কাপৰ তিনিটা গ্ৰুপৰ খেল কলকাতাত অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰত এটাকৈ গ্ৰুপৰ মেচ অনুষ্ঠিত হৈছে৷ প্ৰতিযোগিতাত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব৷

প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুব ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷ উল্লেখ্য যে ১৮৮৮ চনত শিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷

২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷