নিউজ ডেস্ক, ১৮ আগষ্ট, ২০২৪ : অসমৰ কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অহা ২১ আগষ্টত চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ (Durand Cup) ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ’ব৷ দিনৰ চাৰি বজাত হ’বলগা এই মেচত গ্ৰুপ ‘ই’ৰ চেম্পিয়ন তথা আই এছ এলৰ গুৱাহাটীৰ দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে গ্ৰুপ ‘ডি’ৰ চেম্পিয়ন তথা প্ৰতিযোগিতাৰ আয়োজক ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব৷

উল্লেখ্য যে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ গ্ৰুপ লীগৰ মেচৰ অন্তত আঠটা দলে নকআউট কোৱাৰ্টাৰ ফাইনেল খেলিব৷ ভাৰতীয় সেনাই আয়োজন কৰা প্ৰতিযোগিতাত এইবাৰ মুঠ ২৪ টা দলে অংশ লৈছিল আৰু এটা গ্ৰুপত চাৰিটাকৈ দল ৰাখি ছটা গ্ৰুপত ভাগ কৰা হৈছিল৷ প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ ছটা দলৰ লগতে দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে৷

আয়োজকে ঘোষণা কৰা সূচী অনুসৰি অহা ২১ আগষ্টতে নিশা সাত বজাত শ্বিলংত হ’বলগা আন এখন কোৱাৰ্টাৰ ফাইনেলত গ্ৰুপ ‘এফ’ৰ চেম্পিয়ন শ্বিলং লাজং এফ চিয়ে গ্ৰুপ ‘এ’ত দ্বিতীয় স্থান পোৱা ইষ্ট বেংগল এফ চিৰ মুখামুখি হ’ব৷ ইফালে, অহা ২৩ আগষ্টত জামছেদপুৰত দিনৰ চাৰি বজাত হ’বলগা কোৱাৰ্টাৰ ফাইনেলত গ্ৰুপ ‘এ’ৰ চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্ট দলে গ্ৰুপ ‘চি’ত দ্বিতীয় স্থান পোৱা পঞ্জাৱ এফ চিৰ বিৰুদ্ধে খেলিব৷

আনহাতে, ২৩ আগষ্টত নিশা সাত বজাত হ’বলগা অন্তিমখন কোৱাৰ্টাৰ ফাইনেলত গ্ৰুপ ‘বি’ৰ চেম্পিয়ন বেংগালুৰু এফ চি মুখামুখি হ’ব গ্ৰুপ ‘চি’ৰ চেম্পিয়ন কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ৩১ আগষ্টত অনুষ্ঠিত হ’ব৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷ উল্লেখ্য যে ১৮৮৮ চনত ছিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷

২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷