নিউজ ডেস্ক, ১৩ আগষ্ট, ২০২৪ : চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ (Durand Cup) ফুটবল প্ৰতিযোগিতাৰ আজি কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত দিনটোৰ প্ৰথম খেলখনত মহমেদান স্পৰ্টিং ক্লাবে একমাত্ৰ গলত ভাৰতীয় নৌ সেনাৰ ফুটবল দলক পৰাস্ত কৰে৷ বিজয়ী দলৰ হৈ খেলৰ ২৪ মিনিটত গলটো কৰে সুজিত সিঙে৷ উল্লেখ্য যে এয়া আছিল গ্ৰুপ ‘বি’ৰ অন্তিম মেচ৷ এই গ্ৰুপৰ শীৰ্ষ দলৰূপে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে বাংগালুৰু এফ চিয়ে৷

আজিৰ জয়ৰ পাছত মহমেদান স্পৰ্টিং দ্বিতীয় স্থানত থাকিল৷ দলে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ বাবে অন্য গ্ৰুপ মেচলৈ অপেক্ষা কৰিব লাগিব৷ ইফালে, ভাৰতীয় সেনাই আয়োজন কৰাৰ প্ৰতিযোগিতাৰ আজি শ্বিলংৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগা দিনটোৰ আন এখন মেচত নেপালৰ ত্ৰিভুৱন আৰ্মি মুখামুখি হ’ব ৰংদাজিদ ইউনাইটেড এফ চিৰ৷ প্ৰতিযোগিতাৰ কাইলৈ হ’বলগা একমাত্ৰ মেচত জামছেদপুৰ এফ চিয়ে খেলিব ভাৰতীয় সেনাৰ বিৰুদ্ধে৷ গ্ৰুপ ‘ডি’ৰ এই মেচখন জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পত নিশা সাত বজাৰ পৰা আৰম্ভ হ’ব৷ এইখনে এই গ্ৰুপ অন্তিম খেল৷

উল্লেখ্য যে এইবাৰ ডুৰাণ্ড কাপৰ তিনিটা গ্ৰুপৰ খেল কলকাতাত অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰত এটাকৈ গ্ৰুপৰ মেচ অনুষ্ঠিত হৈছে৷ প্ৰতিযোগিতাত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুব ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷

উল্লেখ্য যে ১৮৮৮ চনত ছিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷ ২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷