কোকৰাঝাৰ, ৪ আগষ্ট, ২০২৫ : চলিত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ (Football Championship) দেওবাৰে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘ডি’ৰ এখন মেচত আই এছ এলৰ দল পঞ্জাৱ এফ চিয়ে অসমৰ কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে ২-১ গ’লত জয়লাভ কৰি অভিযান আৰম্ভ কৰিছে৷ উল্লেখ্য যে প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপ খেলা মৰ্ণিং ষ্টাৰে তিনিখন মেচৰ আটাইকেইখনতে পৰাস্ত হ’ল৷ অৱশ্যে দেওবাৰৰ মেচত প্ৰথমে গ’ল কৰিছিল মৰ্ণিং ষ্টাৰে৷

খেলৰ প্ৰথমাৰ্ধ গ’লশূণ্য হোৱাৰ পাছত দ্বিতীয়াৰ্ধত উভয় দলে আক্ৰমণৰ ৰণনীতি লৈ বিপক্ষক চাপত পেলায়৷ ৬৯ মিনিটত যোছেফে গ’ল কৰি অসমৰ দলটোক প্ৰথমে অগ্ৰগতি দিয়ে৷ কিন্তু ৭৩ মিনিটত পৰমবীৰৰ গ’লৰ সহায়ত মেচত ক্ষমতা স্থাপন কৰে পঞ্জাৱ এফ চিয়ে৷ আনহাতে, ইঞ্জুৰী টাইমত পঞ্জাৱ দলৰ হৈ ৯৩ মিনিটত বিজয়সুচক গ’লটো দিয়ে ছানাথৈয়ে৷ উল্লেখ্য যে এই মেচখন কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ বাবে অন্তিম খেল আছিল৷

মেচখন দলৰ বাবে কাৰ্যতঃ গুৰুত্বহীনো আছিল৷ কাৰণ প্ৰথম দুখন খেলত পৰাস্ত হোৱা মৰ্ণিং ষ্টাৰৰ ইতিমধ্যে গ্ৰুপতে বিদায় নিশ্চিত হৈছিল৷ পঞ্জাৱ এফ চিয়ে অহা ছয় আগষ্টত আই টি বি পি ফুটবল দলৰ বিৰুদ্ধে পৰৱৰ্তী মেচত অৱতীৰ্ণ হ’ব৷ ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সোমবাৰে অনুষ্ঠিত হ’বলগা দুখন মেচৰ প্ৰথমখনত ট্ৰাউ এফ চিয়ে ৰিয়েল কাশ্মীৰ এফ চিৰ বিৰুদ্ধে খেলিব৷ গ্ৰুপ ‘এফ’ৰ এই মেচ ইম্ফলৰ খুমান লাম্পাক ষ্টেডিয়ামত দিনৰ চাৰি বজাত অনুষ্ঠিত হ’ব৷ উভয় দলৰ বাবে এই মেচ গুৰুত্বপূৰ্ণ৷

ট্ৰাউ এফ চিয়ে প্ৰথম মেচ ড্ৰ খেলাৰ বিপৰীতে ৰিয়েল কাশ্মীৰ প্ৰথম মেচত পৰাস্ত হৈছে৷ ইফালে, দিনটোৰ দ্বিতীয়খন মেচত মোহন বাগান ছুপাৰ জায়েণ্ট দলে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে বি এছ এফ ফুটবল দলৰ বিৰুদ্ধে খেলিব৷ নিশা সাত বজাত গ্ৰুপ ‘বি’ৰ এই মেচখন কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷ ইফালে, আজি গ্ৰুপ ‘এ’ৰ এখন মেচত ভাৰতীয় বায়ু সেনাৰ ফুটবল দলক পৰাস্ত কৰি নামধাৰি এফ চিয়ে গুৰুত্বপূৰ্ণ তিনি পইণ্ট লাভ কৰিছে৷ কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত এই মেচখন অনুষ্ঠিত হৈছিল৷