কোকৰাঝাৰ, ১৫ জুলাই, ২০২৫ : উত্তৰ-পূবৰ (North East) প্ৰথম ৰাজ্য হিচাপে দেশৰ ঐতিহাসিক ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপ আয়োজন কৰাৰ গৌৰৱ লাভ কৰিছিল অসমে৷ ১৩৪ সংখ্যক বৰ্ষত পদাৰ্পন কৰা প্ৰতিযোগিতাখনৰ মেচ এইবাৰো ক্ৰমাগত চতুৰ্থবাৰৰ বাবে অসমত অনুষ্ঠিত হ’ব৷ অহা ২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ দেশৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত হ’বলগা ডুৰাণ্ড কাপৰ গ্ৰুপ ‘ডি’ৰ মেচ অসমৰ কোকৰাঝাৰত অনুষ্ঠিত হ’ব৷
উল্লেখ্য যে কোকৰাঝাৰে ক্ৰমাগত তৃতীয় বছৰৰ বাবে এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা ইণ্ডিয়ান অইল ডুৰাণ্ড কাপৰ মেচ আয়োজন কৰাৰ গৌৰৱ লাভ কৰিছে৷ অহা ২৭ জুলাইত কোকৰাঝাৰত প্ৰতিযোগিতাৰ প্ৰথম মেচখন অনুষ্ঠিত হ’ব৷ অসমৰ দুটাকৈ দল বড়োলেণ্ড এফ চি আৰু কাৰ্বি আংলং মৰ্ণিং ষ্টাৰে খেলিব লগা ডুৰাণ্ড কাপক লৈ কোকৰাঝাৰত উৎকণ্ঠা-প্ৰত্যাশাৰ চাপ তুংগত উঠাৰ সময়তে আজি চহৰলৈ প্ৰতিযোগিতাখনৰ তিনিওটা ট্ৰফী অনা হয়৷ চহৰৰ বডোফা সাংস্কৃতিক কমপ্লেক্সত অনুষ্ঠিত ট্ৰফী মুকলি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গোৰ্লোছা৷ আনহাতে, শীৰ্ষ সেনা বিষয়া মেজৰ জেনেৰেল এইচ এছ বাজাজ, মেজৰ জেনেৰেল ৰাজেশ অৰুণ মোঘে আৰু মেজৰ জেনেৰেল ৰোহিন বাৱা তথা অসমৰ প্ৰাক্তন ফুটবলাৰ দূৰ্গা বড়োও অতিথিৰূপে অনুষ্ঠানত উপস্থিত থাকে৷
দুৰ্গাই ডুৰাণ্ড কাপৰ দুই চেম্পিয়ন দল চাৰ্চিল ব্ৰাদাৰ্ছ আৰু নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ খেলিছিল৷ অনুষ্ঠানত ভাষণ দি মন্ত্ৰী নন্দিত গোৰ্লোছাই কয়, ‘ডুৰাণ্ড কাপৰ আয়োজকৰ বাবে এতিয়া শান্তিৰ চহৰ কোকৰাঝাৰৰ এক অবিচ্ছেদ্য অংগ৷ কোকৰাঝাৰত ক্ৰীড়াই আবেগৰে উত্তৰণ কৰে৷ ডুৰাণ্ড কাপ পুনৰ অহাৰ লগে লগে বডোলেণ্ডৰ খেলুৱৈয়ে বহু অভিজ্ঞতা লাভ কৰিব আৰু এয়া ক্ৰীড়া পৰিৱেশ উন্নত কৰাত সহায় কৰিব৷ এইবাৰ ডুৰণ্ড কাপত আমাৰ অসমৰ দুটা দল আছে৷ আমি আগন্তুক বছৰবোৰত আৰু অসমৰ দল প্ৰতিযোগিতাত দেখিবলৈ পাম৷
অসম চৰকাৰে ক্ৰীড়াক প্ৰসাৰিত কৰাৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইয়াৰ ইতিবাচক প্ৰভাৱ ৰাজ্যত দেখা গৈছে৷ উল্লেখ্য যে কোকৰাঝাৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাৰ গ্ৰুপ ‘ডি’ৰ খেলত স্থানীয় দল বডোলেণ্ড এফ চি আৰু কাৰ্বি আংলং মৰ্নিং ষ্টাৰ এফ চিৰ লগতে আছে ইণ্ডিয়ান ছুপাৰ লীগৰ দল পঞ্জাব এফ চি আৰু ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীৰ দল৷