নিউজ ডেস্ক, সংবাদ ৩৬৫, ৫ অক্টোবৰ : দুৰ্গা পূজা উপলক্ষে বিভিন্ন আৰ্হিত শিল্পীৰ হাতত গঢ় লৈ উঠিছে পূজা মণ্ডপসমূহ। এইবাৰ চন্দ্ৰযান-২ ৰ আৰ্হিত শিল্পীৰ হাতত প্ৰাণ পাই উঠিলে বাক্সাৰ এখন পূজা মণ্ডপ ।

প্ৰায় ৮৫ ফুট উচ্চতাৰ পূজা মণ্ডপটো বাক্সাৰ মৈৰাঝাৰ পথাৰ প্ৰথম খণ্ড গাঁৱৰ যুৱপ্ৰজন্মৰ হাতত প্ৰাণ পাই উঠিছে।

জানিব পৰা অনুসৰি ২০ গৰাকী যুৱকে ডেৰ মাহ ধৰি দিনে-নিশাই কষ্ট কৰি সাজি উলিয়াইছে চন্দ্ৰযান-২ আৰ্হিৰ পূজা মণ্ডপটো।

সমগ্ৰ দেশৰ জন-গণৰ আৱেগ-অনুভূতি নিহিত হৈ থকা এই চন্দ্ৰযান-২ৰ আৰ্হিৰ জৰিয়তে যুৱ-প্ৰজন্মক প্ৰযুক্তি বিদ্যাৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবেই এনেদৰে পূজা মণ্ডপটো নিৰ্মাণ কৰা হৈছে বুলি জানিবলৈ দিয়ে দুৰ্গা পূজাৰ উদ্যোক্তাই।