গুৱাহাটী, ২১ জানুৱাৰী, ২০২৬ : ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ ইণ্ডিয়া ট্ৰেড প্ৰমোচন অৰ্গেনাইজেশ্যনে (ITPO) ২০২৬ চনৰ ২২ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ গুৱাহাটীৰ চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক ইনষ্টিটিউট খেলপথাৰত পঞ্চদশ পূব হিমালয়ান বাণিজ্য মেলা (ই এইচ টি এফ)ৰ লগতে দ্বিতীয় পূব হিমালয়ান কৃষি এক্সপ’ (ই এইচ এ ই)ৰ আয়োজন কৰিব। প্ৰতিদিনে দিনৰ ১২ বজাৰ পৰা নিশা ৮:০০ বজালৈ দৰ্শনাৰ্থীৰ বাবে এই মেলাৰ প্ৰৱেশদ্বাৰ মুকলি থাকিব।
২১ জানুৱাৰীত গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি আই টি পি অ’ৰ মেলা বিভাগৰ অ’ এছ ডি তথা জি এম লেফটেনেণ্ট কৰ্ণেল হৰ্ষ কোণ্ডিল্যই কয় যে, ‘পূব হিমালয়ান বাণিজ্য মেলা হৈছে ভাৰতৰ পূব আৰু উত্তৰ-পূব অঞ্চলত সৰ্বাংগীন অৰ্থনৈতিক বিকাশ, উদ্যোগীকৰণ, আৰু বজাৰত প্ৰৱেশৰ প্ৰসাৰৰ লক্ষ্যৰে আয়োজন কৰা আই টি পি অ’ৰ অন্যতম ফ্লেগশ্বিপ আঞ্চলিক পদক্ষেপ। পূৰ্বৰ সংস্কৰণসমূহৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি ১৫ তম ই এইচ টি এফে এম এছ এম ই, ষ্টাৰ্টআপ, আত্মসহায়ক গোট (এছ এইচ জি), কৃষক আৰু উদ্যোগীসকলৰ বাবে এক সজীৱ মঞ্চ প্ৰদান কৰাৰ লগতে বাণিজ্যিক সংযোগ আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।”
এই অনুষ্ঠানত হাৰিয়ানাৰ দৰে ৰাজ্য, বিভিন্ন ব্যক্তিগত কোম্পানীয়ে নিজৰ নিজৰ অঞ্চলৰ চহকী সাংস্কৃতিক ঐতিহ্য, পৰম্পৰাগত শিল্পকৰ্ম, আৰু স্বকীয় সামগ্ৰীৰ বৈচিত্ৰ্য আৰু সোৱাদৰ সৈতে অংশগ্ৰহণৰ সাক্ষী হ’ব। কেন্দ্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰধান প্ৰতিষ্ঠানসমূহে ইতিমধ্যে তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত কৰিছে। ভাৰতীয় খাদ্য নিগমে আঞ্চলিক বৈচিত্ৰ্য আৰু খাদ্য সুৰক্ষাৰ পদক্ষেপক উদ্ভাসিত কৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহৰণ কৰা ধানৰ বৈচিত্ৰ্যপূৰ্ণ পৰিসৰ উপস্থাপন কৰাৰ সম্ভাৱনা আছে। নাৰিকল উন্নয়ন ব’ৰ্ডে মূল্য সংযোজন আৰু কৃষিভিত্তিক উদ্যোগীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি দক্ষিণ ভাৰতৰ নাৰিকল ভিত্তিক সামগ্ৰীৰ বিস্তৃত পৰিসৰ প্ৰদৰ্শন কৰিব।
মেলাৰ এই ১৫ সংখ্যক সংস্কৰণৰ অন্যতম আকৰ্ষণীয় বৈশিষ্ট্য হৈছে থাইলেণ্ড আৰু আফগানিস্তানৰ অংশগ্ৰহণ। তেওঁলোকৰ বিভিন্ন সামগ্ৰী মেলাৰ এটা অতিৰিক্ত দিশ হ’ব যিয়ে গুৱাহাটীবাসীক এক অনন্য অভিজ্ঞতা প্ৰদান কৰিব। এই অংশগ্ৰহণকাৰীসকলে থাইলেণ্ডৰ গ্ৰাহক আৰু জীৱনশৈলীৰ সৈতে জড়িত সামগ্ৰী তথা আফগানী শুকান ফলৰ দৰে সামগ্ৰী আনিব বুলি আশা কৰা হৈছে, যিয়ে মেলাত আন্তঃৰাষ্ট্ৰীয় মাত্ৰা যোগ কৰিব আৰু সীমা অতিক্ৰম কৰি বাণিজ্যিক সংযোগক প্ৰসাৰিত কৰিব।
অসম চৰকাৰে সক্ৰিয় সহযোগ কৰা এই অনুষ্ঠানত এম এছ এম ই খণ্ডৰ একচেটিয়া উৎপাদন ইউনিট, ৰাজ্যৰ বিভিন্ন সামগ্ৰীৰ বিস্তৃত শৃংখলৰ সৈতে মহিলা উদ্যোগীসকলৰ উৎসাহজনক উপস্থিতি পৰিলক্ষিত হৈছে। নিজ ডি এফ অ’-গুৱাহাটীৰ জৰিয়তে এম এছ এম ই মন্ত্ৰালয়ৰ উপস্থিতি হৈছে এই মেলাৰ আন এক গুৰুত্বপূৰ্ণ দিশ। উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ এম এছ এম ই ইউনিটসমূহৰ সামগ্ৰীৰ এক বিস্তৃত বৰ্ণালী প্ৰদৰ্শনৰ দ্বাৰা এই অনুষ্ঠানত এম এছ এম ই খণ্ডৰ শক্তি সঠিকভাৱে প্ৰদৰ্শন কৰা হৈছে।
এই মেলাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হ’ব। চি বি চিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন পৰম্পৰাগত নৃত্য- কলাৰ ব্যৱস্থা কৰিছে যিয়ে সদায় প্ৰশংসা লাভ কৰি আহিছে। তদুপৰি, বহু খাদ্যৰ ফুড ক’ৰ্ট আৰু দৰ্শনাৰ্থীৰ সৈতে জড়িত কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছে, যাৰ ফলত ই পৰিয়াল আৰু সাধাৰণ জনতাৰ বাবে এক আকৰ্ষণীয় গন্তব্যস্থান হৈ পৰিছে। এইবাৰ ফুড ক’ৰ্টত স্থাপন কৰা অসম এছ আৰ এল এমত উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষ পৰম্পৰাগত খাদ্য পৰিবেশন কৰা হ’ব। ছপা, ইলেক্ট্ৰনিক, আউটড’ৰ, আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে এক বিস্তৃত প্ৰচাৰ অভিযান হাতত লোৱা হৈছে যাতে ব্যাপক প্ৰচাৰ আৰু শক্তিশালী খোজ নিশ্চিত কৰিব পৰা যায়।
আই টি পি অ’ই সংবাদ মাধ্যম আৰু জনসাধাৰণক ১৫ সংখ্যক পূব হিমালয়ান বাণিজ্য মেলা তথা ২য় পূব হিমালয়ান কৃষি এক্সপ’ ২০২৬ৰ অংশ হ’বলৈ আমন্ত্ৰণ জনাইছে। এই অনুষ্ঠান বাণিজ্য, কৃষি, সংস্কৃতি আৰু আঞ্চলিক উন্নয়নৰ এক গতিশীল সংগমস্থলী হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে।অধিক তথ্যৰ বাবে শ্ৰীমতী ৰুমেলা ৰয় – ৯৮৭৪৬৪৯৭২০ | [email protected]
শ্ৰী স্বপন শ্ব’ – ৮৯১০৬৯৮০৩০ | [email protected]
শ্ৰীমতী কৰবী মিত্ৰ মল্লিক – ৯৮৩০৪১৫০৭৩ | [email protected] যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।
