নিউজ ডেস্ক, ৬ জানুৱাৰী, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আলিপুৰদুৱাৰ (Alipurduwar) মণ্ডলে খাদ্য সুৰক্ষা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত এক উল্লেখনীয় সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই মণ্ডলৰ অধীনত এটা ৰে’লৱে ষ্টেচন আৰু তিনিটাকৈ প্ৰতিষ্ঠানিক সা-সুবিধাক ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষৰ (এফএছএছএআই) দ্বাৰা প্ৰতিষ্ঠিত ‘ইট ৰাইট ষ্টেচন’ আৰু ‘ইট ৰাইট কেম্পাছ’ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে।

ইয়াৰ পূৰ্বে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ষ্টেচন যেনে গুৱাহাটী, হৰিশ্চন্দ্ৰপুৰ, লামডিং, ৰঙিয়া, মৰিয়নি, সামছি, নিউ বঙাইগাঁও, নিউ জলপাইগুড়ী, কামাখ্যা, নিউ তিনিচুকীয়া, জলপাইগুড়ী ৰোড, বিন্নাগুড়ী, ধুপগুড়ী, ফালাকাটা, দিনহাটা আৰু নিউ কোচবিহাৰ আদি ষ্টেচনে ইতিমধ্যে ‘ইট ৰাইট ষ্টেচন’ প্ৰমাণপত্ৰ লাভ কৰিছে। আলিপুৰদুৱাৰ মণ্ডলৰ এই নতুন স্বীকৃতিয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বাবে প্ৰমাণিত ষ্টেচন আৰু কেম্পাছসমূহৰ ক্ৰমবৰ্ধমান নেটৱৰ্কক অধিক শক্তিশালী কৰিছে আৰু সমগ্ৰ সংমণ্ডলত সুৰক্ষিত তথা স্বাস্থ্যসন্মত খাদ্য সেৱা প্ৰদানৰ প্ৰতি তাৰ দায়বদ্ধতাকে পুনৰ নিশ্চিত কৰিছে।

পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাত অৱস্থিত নিউ আলিপুৰদুৱাৰ ৰে’লৱে ষ্টেচনক ২০২৫ বৰ্ষৰ ৪ ডিচেম্বৰৰ পৰা ২০২৭ বৰ্ষৰ ৩ ডিচেম্বৰলৈ ‘ইট ৰাইট ষ্টেচন’ হিচাপে প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে। উৎকৃষ্ট মানদণ্ডৰ সৈতে প্ৰদান কৰা এই প্ৰমাণপত্ৰই ষ্টেচনটোৰ খাদ্য সুৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্যবিধি, বৰ্জ্য ব্যৱস্থাপনা, কেটাৰিং আৰু খাদ্য বিতৰণ ইউনিটসমূহত গুণগত নিয়ন্ত্ৰণ সম্পৰ্কীয় এফএছএছএআই নিৰ্দেশাৱলীৰ কঠোৰ অনুপালনকে প্ৰতিফলিত কৰিছে।

ইয়াৰ উপৰিও আলিপুৰদুৱাৰ মণ্ডলৰ অধীনত তিনিটা প্ৰতিষ্ঠানিক সা-সুবিধা উৎকৃষ্ট মানদণ্ডৰ সৈতে ২০২৫ বৰ্ষৰ ২২ ডিচেম্বৰৰ পৰা ২০২৭ বৰ্ষৰ ২১ ডিচেম্বৰলৈ ‘ইট ৰাইট কেম্পাছ’ হিচাপে প্ৰমাণিত কৰা হৈছে। এইসমূহৰ ভিতৰত ৰাজাভাতখুওৱা আৰু কোচবিহাৰ ৰে’লৱে সংগ্ৰহালয়ত থকা ৰে’ল কোচ ৰেষ্টুৰেণ্টসমূহৰ লগতে আলিপুৰদুৱাৰ জংচনত অৱস্থিত মাল্টি ডিচিপ্লিনেৰী  জ’নেল ট্ৰেইনিং ইনষ্টিটিউট অন্তৰ্ভুক্ত আছে।

ৰে’ল কোচ ৰেষ্টুৰেণ্টসমূহে এক অনন্য ডাইনিং চেটআপত সুৰক্ষিত, স্বাস্থ্যসন্মত আৰু গুণগত মানদণ্ড খাদ্য পৰিবেশন কৰি যাত্ৰীসকলে লাভ কৰা সামগ্ৰিক অভিজ্ঞতা উন্নত কৰাৰ ক্ষেত্ৰত এক উৎকৃষ্ট উদাহৰণ স্থাপন কৰিছে। মাল্টি ডিচিপ্লিনেৰী জ’নেল ট্ৰেইনিং ইনষ্টিটিউট খাদ্য সুৰক্ষা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মানদণ্ডৰ সৈতে দৃঢ় পৰিপালন প্ৰদৰ্শন কৰিছে। এই স্বীকৃতিসমূহে একেলগে সমগ্ৰ উত্তৰ-পূব ৰে’লৱে সংমণ্ডলত প্ৰথমবাৰৰ বাবে ‘ইট ৰাইট কেম্পাছ’ প্ৰমাণ পত্ৰ প্ৰদান হোৱা এক ঐতিহাসিক মাইলষ্টোন চিহ্নিত কৰে।

‘ইট ৰাইট ইণ্ডিয়া’ পদক্ষেপৰ অধীনত বিস্তৃত নিৰীক্ষণৰ পিছত এই প্ৰমাণীকৰণসমূহ প্ৰদান কৰা হৈছে, য’ত খাদ্য সুৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্যবিধি, বৰ্জ্য ব্যৱস্থাপনা আৰু কৰ্মচাৰীৰ প্ৰশিক্ষণ আদি অন্তৰ্ভুক্ত আছে। এই ব্যৱস্থাসমূহে যাত্ৰী, ভ্ৰমণকাৰী আৰু ৰে’লৱে কৰ্মীসকলৰ বাবে সুৰক্ষিত আৰু স্বাস্থ্যসন্মত খাদ্য নিশ্চিত কৰে। ইয়ে খাদ্যজনিত ৰোগৰ সম্ভাৱনা হ্ৰাস কৰি বিক্ৰেতাসকলক উন্নত ব্যৱহাৰ পদ্ধতি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। একে সময়তে, ই ৰে’লৱেৰ খাদ্য সেৱাৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস বৃদ্ধি কৰে আৰু ষ্টেচন কেম্পাছসমূহক পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু যাত্ৰী-অনুকূল ৰাজহুৱা স্থান হিচাপে অধিক ইতিবাচক প্ৰতিচ্ছবি প্ৰদান কৰে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই উন্নত সুবিধা আৰু উৎকৃষ্ট সেৱা প্ৰদানৰ জৰিয়তে ৰে’ল যাত্ৰী কল্যাণক সদায় অগ্ৰাধিকাৰ দি আহিছে। আলিপুৰদুৱাৰ মণ্ডলৰ বাবে ইট ৰাইট প্ৰমাণীকৰণে ৰাষ্ট্ৰীয় মানদণ্ডৰ সৈতে সংগতি ৰাখি, সকলো ষ্টেচনত পৰিস্কাৰ পৰিছন্ন, স্বাস্থ্যসম্মত আৰু যাত্ৰী-হিতৈষী পৰিৱেশ গঢ়ি তোলাত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰতি সমৰ্পিত প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।