কালগাছিয়া, সংবাদ ৩৬৫, ১২আগষ্ট : ইছলাম ধৰ্মাৱলম্বী সকলৰ অন্যতম পবিত্ৰ উৎসৱ ঈদ। সমগ্ৰ দেশৰ লগত সংগতি ৰাখি কলগাছিয়াতো প্ৰাক্তন বিধায়ক হাফিজ ৰফিকুল ইছলামৰ ইমামতিত উলহ মালহৰে পালন কৰা হল ঈদ- উল- আজহা।

ভাৰতত বকৰিদ নামেক পৰিচিত ত্যাগৰ পৰম্পৰা পবিত্ৰ ঈদ- উল- আজহা উদযাপনৰ বাবে ইছলাম ধৰ্মী লোক সকলে মছজিদ, ঈদগাহ আদি ৰং বিৰঙী আলোকেৰে সজাই তুলি পালন কৰিলে ঈদ- উল- আজহা। দেশৰ প্রান্তে প্রান্তে ইছলাম ধৰ্মী লোক সকলে ঈদৰ নামাজ পঢ়ি ইজনে সিজনক শুভ বার্তা প্ৰেৰণ কৰিছে। এই উৎসৱক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ঈদগাহ মৈদানত উখল মাখল পৰিবেশ।

এই পৱিত্ৰ দিনটোত পুৱাতে উঠি সকলোৱে ফজৰৰ নামাজ পঢ়ি কৱৰস্থানত গৈ মৃতকৰ আত্মাৰ শান্তি বিচাৰি আল্লাৰ ওচৰত দোৱা মাগে। আনন্দত ইজনে সিজনক আলিংগণ কৰে। বৰ্তমান বজাৰত আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ পিছতো ঈদ-উল- আজহাক সকলো ইছলামধৰ্মী লোকে আদৰিছে এই পবিত্ৰ দিনটোক।