সংবাদ ৩৬৫ ডেস্ক, ২৬ জুনঃ সমগ্ৰ দেশজুৰি  ইছলাম ধৰ্মালম্বী লোকসকলৰ ঈদ-উল-ফিটৰ  উদযাপন কৰা হয়। দেশৰ ৰাজধানী দিল্লীত পুৱা হাজাৰ হাজাৰ ইছলাম ধৰ্মালম্বী লোকে জামা মজিদত আদা কৰিলে ঈদৰ নামাজ। ৰাজধানী দিল্লীৰ লগতে মুম্বাই, কলকাতা, কেৰেলা, উত্তৰ প্ৰদেশ, বিহাৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত ঈদ-উল-ফিটৰ উপলক্ষে নামাজ পঢ়িবলৈ পুৱা মছজিদ আৰু ঈদগাহত উপস্থিত হয় ইছলাম ধৰ্মালম্বী লোকসকল । অসমতো মাহজোৰা ৰোজা পালনৰ পিছত মুছলমান লোকসকলে ঈদ-উল-ফিটৰৰ নামাজ পঢ়িবলৈ বিভিন্ন মছজিদ আৰু ঈদগাহত মিলিত হয়। গুৱাহাটীৰ মাছখোৱা, ইছলামপুৰ, হাতীগাঁও, দক্ষিনগাঁও, গৰিগাঁও, আদাবাৰীৰ ঈদগাহ আৰু মছজিদ সমূহত ঈদৰ নামাজ আদা কৰা হয়। মহানগৰীৰ লগতে, হাজো, সোণতলি, নগাঁও, মৰিগাঁও, গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰত মাহজোৰা ৰোজাৰ অন্তত ঈদৰ নামাজৰ আয়োজন কৰা হয়। নামাজৰ পিছত ইছলাম ধৰ্মালম্বী লোকসকলে বিশ্ব শান্তিৰ লগতে সকলো ধৰ্মৰ লোকৰ মাজত মিলাপ্ৰীতি আৰু একতাৰ বজাই ৰখাৰ বাবে আল্লাৰ ওচৰত দোৱা কৰে।