বৰপেটা, সংবাদ ৩৬৫, ৬ অক্টোবৰ : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ছাপৰা গাঁৱত বৰপেটা বিদ্যূৎ সংমণ্ডলে বিদ্যূৎ সৰবৰাহৰ নামত মৰণ ফান্দ পতাৰ অভিযোগ উত্থাপন হৈছে। মূৰৰ পৰা মাত্ৰ ছয় ইঞ্চি ওপৰেৰে বিপদ সংকুল ভাৱে বিদ্যূৎ সৰবৰাহ তাঁৰ ওলমি পৰিছে।

এঘৰ মানুহৰ টিন পাতৰ চালিৰ মাত্ৰ ডেৰ ফুট আঁতৰেৰে আৰু দুই ফুট ওপৰেদি গৈছে এই এই মৰণ ফান্দ তাঁৰ যাৰ বাবে বিদ্যুৎ পৃষ্ট হৈ টিন পাতৰ ঘৰৰ পৰিয়ালটোৰ সদস্য সকলৰ মৃত্যু মুখত পৰা ভয়ত পৰিয়ালটো তীব্ৰ মানসিক চাপত দিন অতিবাহিত কৰিব ধৰিছে।

বিদ্যুৎ বিভাগৰ অৱহেলাৰ বাবে সঘনাই বিভিন্ন ঠাইৰ মানুহৰ প্ৰাণহানি হৈ আহিছে এয়া সৰ্বজনবিদিত। তাৰ পাছতো বৰপেটা বিদ্যুৎ বিভাগে কি কাৰণত ছাপৰা গাঁৱত মৰণ ফান্দ সদৃশ হৈ থকা তাঁৰৰ কাৰণে কিয় সুদীৰ্ঘ এটা বছৰতো কোনো ব্যবস্থা গ্ৰহণ নকৰিলে এইটৌ সম্প্ৰতি ছাপৰা গাঁৱত কোটি টকীয়া প্ৰশ্ন হৈ থিয় দিছে।

অচিৰেই যদি বৰপেটা বিদ্যুৎ সংমণ্ডলে কোনো ব্যবস্থা গ্ৰহণ নকৰে তেন্তে ছাপৰা গাঁৱৰ ৰাইজে বৰপেটা বিদ্যূৎ সংমণ্ডলৰ বিৰুদ্ধে উমৈহতীয়া গণতান্ত্ৰিক আন্দোলন গঢ়ি হুংকাৰ প্ৰদান কৰিছে।