গুৱাহাটী, সংবাদ ৩৬৫, ২০ অক্টোবৰ : নিত্যব্যৱহাৰ্য সামগ্ৰীৰ ক্ষেত্ৰত গুৱাহাটীৰ আটাইতকৈ বৃহৎ বিপনীখন আজি মুকলি কৰা হয় জি.এছ. ৰোডত। ৮০০০ বৰ্গফুট এলেকাত নিৰ্মাণ কৰা এই ইলেক্ট্ৰ’চিটি শীৰ্ষক প্ৰতিষ্ঠানখনে অনাগত সময়ত তথ্য-প্ৰযুক্তি আৰু নিত্য ব্যৱহাৰ্য বৈদ্যুতিক সা-সৰঞ্জামৰ ক্ষেত্ৰত গুৱাহাটীৰ আটাইতকৈ নিৰ্ভৰযোগ্য স্থান হিচাপে পৰিগণিত হ’ব।

উল্লেখ্য যে এই ইলেক্ট্ৰ’চিটিত উপলব্ধ হ’ব দেশৰ শীৰ্ষস্থানীয় ব্ৰেণ্ড ক্ৰমে এলজি, অ’প্প’, এমআই, গডৰেজ, ভিভ’, পেনাছ’নিক, ন’কিয়া, লয়ড আৰু ছেমছাংৰ বিভিন্ন সামগ্ৰী। এই আটাইবোৰ সামগ্ৰী একোখন সম্পূৰ্ণ বিপনী পদ্ধতিৰে উপস্থাপন কৰা হৈছে।

ইফালে ইলেক্ট্ৰ’চিটিত উপলব্ধ সামগ্ৰীৰ শাখাসমূহ হৈছে ক্ৰমে – ফোন, মনোৰঞ্জন, হোম এপ্লায়েন্সেছ, পাকঘৰৰ সামগ্ৰী আৰু অন্যান্য নিত্য ব্যৱহাৰ্য সামগ্ৰী। আনকি গ্ৰাহকসকলে ইয়াৰ সামগ্ৰী ক্ৰয় কৰাৰ পূৰ্বে ব্যৱহাৰৰ আমেজো গ্ৰহণ কৰিব পাৰিব।

বিশ্বমানৰ এক পৰিৱেশ সৃষ্টি কৰি গ্ৰাহকক ক্ৰয়ৰ এক অনবদ্য আমেজ প্ৰদান কৰাৰ বাবে সাজু হোৱা এই ইলেক্ট্ৰ’চিটিয়ে বিক্ৰীৰ পিছৰ সেৱা-সুবিধাও প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আজি আনুষ্ঠানিকভাৱে ইলেক্ট্ৰ’চিটি মুকলি কৰি প্ৰতিষ্ঠানটোৰ অংশীদাৰ গৌৰৱ চণ্ডাকে কয়, “একেটা স্থানতে নিত্য-ৱ্যৱহাৰ্য বৈদ্যুতিক সামগ্ৰীৰ প্ৰয়োজন পূৰণ কৰাৰ উদ্দেশ্যেই এই ইলেক্ট্ৰ’চিটি আৰম্ভ কৰাৰ পৰিকল্পনা হাতত লৈছিলো। বিপনীৰ ভিতৰত বিপনীৰ এই অনবদ্য ধাৰণাটোক এক বিশাল ৰূপত উপস্থাপন কৰিবলৈ আমাক প্ৰায় এবছৰ সময়ৰ প্ৰয়োজন হ’ল। আশা কৰো আমি গুৱাহাটীবাসীৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হ’ম।”

উল্লেখ্য যে শীঘ্ৰেই আৰু ৩০ টা ব্ৰেণ্ড এই ইলেক্ট্ৰ’চিটিৰ সৈতে সংযোজন কৰা হ’ব আৰু ইয়াৰ উপস্থিতি সমগ্ৰ উত্তৰ-পূৱলৈ সম্প্ৰসাৰণ কৰা হ’ব।

তেওঁ লগতে কয়, “আমি ‘ইলেক্ট্ৰ’চিটি’ক সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰ আটাইতকৈ ডাঙৰ ইলেক্ট্ৰ’নিক ষ্টোৰ কৰি গঢ়ি তোলাৰ পৰিকল্পনা হাতত লৈছো।”