যোৰহাট, ১৮ জুন, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱে (NF Railway) ৰে’ল পৰিচালনৰ আধুনিকীকৰণ আৰু সুৰক্ষা বৃদ্ধিৰ দিশত অবিৰত প্ৰয়াসৰ পৰিণামস্বৰূপে এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে। তিনিচুকীয়া মণ্ডলৰ অধিক্ষেত্ৰৰ অধীনত, মৰিয়নী (এমএক্সএন) ষ্টেচনটো বিগত ১৩ জুন ২০২৫ তাৰিখে এক বিতৰিত ধৰণৰ ইন্টাৰলকিং (ইআই) প্ৰণালী সফলভাৱে কমিছন কৰা হয়। এই কমিছনিং সম্পন্ন হোৱাৰ পিছত চিগনেলৰ দ্বাৰা প্ৰথমখন ৰে’ল নং ১৫৬০৪ (গুৱাহাটী-ইন্টাৰচিটি) এক্সপ্ৰেছ ৰাতি ০৯.৫৫ বজাত যাত্ৰা কৰে।

এই মুহুৰ্তটোৱে মৰিয়নী ষ্টেচনত আৰু অধিক কাৰ্যক্ষমতা আৰু সুৰক্ষিত ৰে’ল পৰিচালনৰ এক নতুন যুগৰ শুভাৰম্ভ চিহ্নিত কৰে। নতুনকৈ কমিছন কৰা এই চিগনেল পদ্ধতিটোত আধুনিক বৈশিষ্ট্যৰ এক বৃহৎ সংহতি থাকিব যিয়ে অবিৰত ৰে’ল পৰিচালন সুগম কৰাৰ বাবে আৰু সুসম্পন্ন গতি নিশ্চিত কৰাৰ লগতে পৰিচালনাৰ স্থায়িত্ব আৰু বিশ্বাসযোগ্যতা বজায় ৰাখিব। এই পদ্ধতিটোত মুঠ ১৩৫ টা ৰুটৰ কনফিগাৰ কৰা হৈছে আৰু বৰ্ধিত অপাৰেটৰ ইন্টাৰফেচৰ বাবে ২ ডুৱেল ভিডিঅ ডিচপ্লে ইউনিটৰ (ভিডিইউ) সৈতে সজ্জিত কৰা হৈছে। ফলপ্ৰসূভাৱে ট্ৰেকৰ টাৰ্ণআউট নিয়ন্ত্ৰণ কৰাৰ বাবে সৰ্বমুঠ ৩৩ টা পইণ্ট মেচিন স্থাপন কৰা হৈছে, যাৰ লগতে পৰিচালন নমনীয়তাৰ বাবে ১২ টা লাইন (৫ টা ৰাণিং লাইন আৰু ৭ টা নন ৰাণিং লাইন) স্থাপন কৰা হৈছে।

সুৰক্ষা আৰু অধিক বৃদ্ধি কৰাৰ বাবে, এই পদ্ধতিটোত ১৯ টা মুখ্য চিগনেল আৰু ৩০ টা শ্বাণ্ট চিগনেল অন্তৰ্ভুক্ত কৰা হৈছে আৰু অবিৰত ট্ৰেন চিনাক্তকৰণৰ বাবে ৪৪ টা ডিচি ট্ৰেক চাৰ্কিট সজ্জিত কৰা হৈছে। এই ষ্টেচনটোত চিগনেলিং সা-সৰঞ্জামসমূহৰ বাবে নিৰৱচ্ছিন্ন বিদ্যুতৰ যোগান নিশ্চিত কৰাৰ দিশত ৩ টা চেটৰ ইন্টিগ্ৰেটেড পাৱাৰ চাপ্লাই (আইপিএছ) ইউনিট আৰু ৩০০ ক্ষমতাৰ এটা বেটাৰী বেংক সজ্জিত কৰা হৈছে। সঠিক প্ৰণালীৰ নিৰীক্ষণ আৰু ত্ৰুটিৰ বিচাৰৰ সুবিধাৰ বাবে ৫১২ টা ডিজিটেল আৰু ৩২ টা এনলগ ইনপুত আৰু ৩ টা ডাটা লগাৰ সংযোজনৰ সৈতে ডাটা লগিং ক্ষমতাও উল্লেখযোগ্যভাৱে উন্নতি সাধন কৰা হৈছে। এই একত্ৰিত চিগনেলিং ফ্ৰেমৱৰ্কৰ অধীনত ষ্টেচনটোত দুখন মানৱনিযুক্ত ট্ৰেফিক গেট স্থাপন কৰা হৈছে আৰু লগতে অতিৰিক্ত সুৰক্ষাৰ বাবে এক ফায়াৰ এলাৰ্ম চিষ্টেমো স্থাপন কৰা হৈছে।

ষ্টেচনসমূহৰ মাজত ব্লক কাৰ্য পদ্ধতি নিশ্চিত কৰাৰ বাবে ৩ চেট এইচএএছএছডিএচি চিষ্টেমৰ লগতে ইউএফএছবিআইৰ উপলব্ধ কৰা হৈছে যাৰ দ্বাৰা ৰে’ল যোগাযোগ আৰু ৰে’লৰ নিয়ন্ত্ৰণ নিশ্চিত কৰে। উল্লেখযোগ্যভাৱে, এই কমিশ্বনিং অংশ হিচাপে, মৰিয়নী ষ্টেচনত থকা সকলো আয়ুসীমা অতিক্ৰম কৰা ইনডোৰ আৰু আউটডোৰ চিগনেলিং সামগ্ৰীসমূহ সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰা হৈছে, যাৰ ফলত ষ্টেচনৰ আন্তঃগাঁথনি ৰূপায়ন কৰা হৈছে। মৰিয়নী ষ্টেচনত নতুনকৈ স্থাপন কৰা ইলেকট্ৰনিক ইণ্টাৰলকিং পদ্ধতিটোৱে তাৎপৰ্যপূৰ্ণভাৱে পৰিচালন কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ লগতে, মানৱীয় ত্ৰুটিসমূহ হ্ৰাস কৰিব আৰু ৰেল চলাচলৰ দিশত আৰু অধিক সুৰক্ষিত কৰি তুলিব। এই উন্নয়ন হৈছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা এই অঞ্চলত সুৰক্ষিত, দ্ৰুত আৰু অধিক নিৰ্ভৰযোগ্য ৰে’ল পৰিচালনৰ বাবে আধুনিক প্ৰযুক্তি গ্ৰহণ কৰাৰ দিশত কৰা বিস্তৃত প্ৰতিশ্ৰুতিৰেই এক অংশ।