ওদালগুৰি, সংবাদ ৩৬৫, ১২ ছেপ্টেম্বৰ : অসম চৰকাৰ-বিটিচি চৰকাৰৰ বনবিভাগৰ অৱহেলাৰ বাবে ভূটান সীমান্তত বন্যহস্তীৰ আক্ৰমনত সপ্তাহত গঢ়ে দুজনকৈ লোক মৃত্যুমুখত পৰাৰ লগতে শতাধিক আবাসগৃহ লণ্ডভণ্ড কৰি আহিছে৷ অঞ্চলটোত লাডেন হিচাপে পৰিচিত বলীয়া হোৱা এটা বন্যহস্তীয়ে ওদালগুৰি জিলাৰ ভূটান সীমান্তত এই বছৰতে ২৩জনৰো অধিক লোকক গছকি হত্যা কৰাৰ লগতে অগনন লোকক ঘুনীয়া কৰি আহিছে।

যোৱা নিশাও অৰ্থাৎ বুধবাৰৰ নিশাও ওদালগুৰি জিলাৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত নোনাইখাচ গাঁৱত এই লাডেন নামৰ হাতীয়ে ব্যাপক সন্ত্ৰাস চলায়৷ অতিকৈ পিছপৰা এই গাঁৱত লাডেনে এফালৰ পৰা ধ্বংসস্তুপলৈ ৰূপান্তৰিত কৰে৷

নোনাইখাচৰ দুখীয়া পৰিয়াল শোভাৰাম বড়ো, বোকা বড়ো,খৰ্গেশ্বৰ বড়োৰ গৃহ সম্পূৰ্ণৰুপে ধ্বংস কৰে বলীয়া বন্যহস্তীয়ে৷ আনকি বন্যহস্তীৰ আক্ৰমনৰ পৰা ৰক্ষা পাবলৈ পলাব লওতেই বিদ্যুতপৃষ্ঠ, গছত লাগি চাৰিজন আহত হয়৷ হাতীটোৱে প্ৰায় দুইলক্ষাধিক টকাৰ সা – সম্পত্তি নষ্ট কৰে৷

অঞ্চলটোত বলীয়া কানকটা হাতীৰ আক্ৰমণত যিকোনো সময়ত মৃত্যু হোৱাৰ আশংকাত নিজৰ শিশু কন্যাক হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ নিৰাপদ স্থানলৈ ৰাখিবলগীয়া হৈছে৷ হাতীৰ সন্ত্ৰাসৰ বিৰুদ্ধে স্থানীয় বনবিভাগক অৱগত কৰা সত্বেও ঘটনাস্থলীত নাহিল ননৈ বনকৰ্মী৷

মানুহক আক্ৰমণৰ লক্ষ্য কৰি অহা বলীয়া হাতীটোক ধৰাষায়ী কৰিবলৈ অসম চৰকাৰৰ বনবিভাগক আহ্বান জনাইছে ভূটান সীমান্ত বাসীয়ে। অন্যথা ৰাইজেই নিজেই বন্যহস্তীক ধৰাশায়ী কৰিব বুলি সকীয়াই দিয়ে৷