গুৱাহাটী, সংবাদ ৩৬৫, ৩০ নৱেম্বৰ : সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা তথা এক বৈচিত্ৰময় কৰ্মবহুল জীৱনত অনন্য ব্যক্তিত্বৰে অজশ্ৰ জনক অনুপ্ৰাণিত কৰি অহা গুৱাহাটী আমবাৰী নিবাসী চেনেহী বেগমৰ শনিবাৰে ৮২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।

কিছুদিনৰ পৰা ৰোগাক্ৰান্ত হৈ চিকিৎসাধীন থকা বেগমৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাত যোৱা নিশা তেখেতক গণেশগুৰিস্থিত ‘এদভান্স নিউৰোলজীকেল চাইঞ্চ ‘ হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও শনিবাৰে ৰাতিপুৱা ৫:৪৫ বজাত তেখেতে ইহলীলা সম্বৰণ কৰে।

অত্যন্ত মৰমীয়াল আৰু এক আভিজাত ব্যক্তিত্বৰে প্ৰতিজনৰে হৃদয়ত এক সূকীয়া স্থান অধিকাৰ কৰি অহা বেগমে কেৱল মাত্ৰ অধ্যাপনাৰ ক্ষেত্ৰখনতে নহয, লেখ ল’ব নোৱাৰাকৈ বিভিন্ন অনুষ্ঠান প্ৰতিস্থানৰ সৈতে জড়িত হৈ থাকি তেখেতৰ অনন্য ব্যক্তিত্ব তথা কৰ্মসচেতনতাৰে অজশ্ৰজনক অনুপ্ৰাণিত কৰি আহিছিল।

তেখেতৰ বৈচিত্ৰময় জীৱনক অনন্য মাত্ৰা প্ৰদান কৰি ১৯৮৩ চনতে তেখেতে এন চি চি ৰ মেজৰ পদত অধিষ্ঠিত হৈছিল যিটো আছিল সেই সময়ৰ মহিলা বিষয়াৰ বাবে সৰ্বোচ্চ পদ। তেখেতৰ নেতৃত্বতেই ১৯৯৬ চনত এন চি চি ৰ দলটোৱে আন্দামান আৰু নিকোবৰত অনুষ্ঠিত হোৱা ” ইন্টিগ্ৰেছন কেম্প ” ত শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰিছিল।

এক বৰ্ণিল কৰ্মবহুল জীৱনত তেখেতে অনাতাৰ কেন্দ্ৰৰ শিশু সকলৰ কাৰ্যসূচীৰ আত ধৰোতা, সংবাদ পৰিবেশন কৰোতা, ৬০ অসম মহিলা বেটেলিয়নৰ কমান্ডিং অফিচাৰ, অসম সাতোৰ সংস্থাৰ সভাপতি , ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ সন্দিকৈ মহাবিদ্যালয় শিক্ষা কেন্দ্ৰৰ সমন্বয়ক, অসম পুলিচৰ লয়েজন কমিটিৰ সদস্য, অসম ক্ৰাফট কাউঞ্চিলৰ অধ্যক্ষা, দুৰদৰ্শনৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাকে ধৰি অসংখ্য অনুস্থান প্ৰতিষ্ঠান ত জড়িত হৈ থকাৰ উপৰিও এসময়ত ইংৰাজী বাতৰি কাকত ‘আসাম এক্সপ্ৰেছ’ আৰু ‘ দ্যা বিজনেছ হেৰাল্ড’ৰ সম্পাদকৰ দায়িত্বও বহন কৰিছিল।

চাৰ এডৱাৰ্ড গেইটৰ ‘ হিষ্টৰী অৱ আসাম’ৰ তেখেতে কৰা অসমীয়া অনুবাদ গ্ৰন্থখন আজিও বুৰঞ্জীৰ এখন অতি উপযোগী গ্ৰন্থ হিচাপে বিবেচিত হৈ আহিছে।একেদৰে অসম সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা ‘ দ্যা হিষ্টৰী অৱ আসাম ‘ গ্ৰন্থখনৰো তেখেত সহ ৰচনাকাৰ আছিল।

তেখেতৰ মৃত্যুত শোকদগ্ধ হৈ পৰা অগনন গুণমুগ্ধই আজি সমগ্ৰ দিনজুৰি তেখেতৰ বাসগৃহ আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত বিয়লি ৫:৩০বজাত যথেষ্ট সংখ্যক লোকৰ উপস্থিতত স্থানীয় শৰণীয়া কৱৰস্থানত তেখেতৰ জনাজা সম্পন্ন কৰা হব।বেগমৰ বিয়োগ নিশ্চিত ভাৱে অসমৰ সমাজ জীৱন তথা তেখেতৰ গুণমুগ্ধ সকলৰ বাবে এক অপূৰনীয় ক্ষতি হিচাপে বিবেচিত হ’ব।