কাছাৰ, ২৫ ছেপ্টেম্বৰ, ২০২৩ : বন্যপ্ৰাণী সৰবৰাহকাৰীৰ কবলৰ পৰা জব্দ ৭ টাকৈ দুষ্প্ৰাপ্য জন্তু (endangered animals)। আৰক্ষীৰ অভিযানত জব্দ দুষ্প্ৰাপ্য জন্তু কেইটা। আৰক্ষীয়ে জব্দ কৰি বন বিভাগক গতাই দিয়ে দুষ্প্ৰাপ্য জন্তু কেইটা। বিদেশী জন্তু কেইটা অসমৰ মাজেৰে সৰবৰাহ কৰিবলৈ লওঁতে আৰক্ষীৰ অভিযানত ধৰা পৰে।

উত্তৰ পূবৰ মাজেৰে ড্ৰাগছৰ লাগতে বিভিন্ন প্ৰকাৰৰ অবৈধ সামগ্ৰীৰ সৰবৰাহ অব্যাহত আছে। অসম আৰক্ষীয়ে অসমৰ মাজেৰে ড্ৰাগছৰ সৰবৰাহ ৰোধ কৰাৰ বাবে ইতিমধ্যে কঠোৰ হোৱা পৰিলক্ষিত হৈছে। উত্তৰ পূবৰ অন্যান্য ৰাজ্য সমূহৰ পৰা ড্ৰাগছ আনি অসমৰ মাজেৰে সৰবৰাহৰ চেষ্টা চলোৱা বহু সৰবৰাহকাৰী ইতিমধ্যে অসম আৰক্ষীৰ জালত পৰিছে। বিভিন্ন সময়ত অসমত ৰে’ল আৰক্ষীও অভিযান চলাই ৰে’লযোগে অবৈধভাৱে সৰবৰাহ কৰা বিভিন্ন ধৰণৰ সামগ্ৰী জব্দ কৰা পৰিলক্ষিত হয়।

ইয়াৰ মাজতে এতিয়া উত্তৰ পূব হৈ পৰিছে দুষ্প্ৰাপ্য বন্যপ্ৰাণী সৰবৰাহকাৰী সকলৰ বাবে প্ৰধান লক্ষ্য। উত্তৰ পূবৰ মাজেৰে বন্যপ্ৰাণী সৰবৰাহকাৰী সকলে বিভিন্ন প্ৰকাৰৰ দুষ্প্ৰাপ্য বন্যপ্ৰাণী সৰবৰাহ কৰাৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে। ইয়াৰ এক উদাহৰণ হ’ল কাছাৰ জিলাৰ মিজোৰাম সীমান্তত জব্দ হোৱা ৭ টাকৈ দুষ্প্ৰাপ্য জন্তু। কাছাৰ জিলাৰ লাইলাপুৰত জব্দ হৈছে ৭ টাকৈ বিদেশী দুষ্প্ৰাপ্য জন্তু। আৰক্ষীয়ে জব্দ কৰা দুষ্প্ৰাপ্য জন্তু কেইটাৰ ভিতৰত আছে পানামাৰ বগা মুখৰ কেপুচিন ১ টা, ব্লেক মেকাক ৪ টা আৰু অপ’ছাম ২ টা।

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ গেটত আৰক্ষীয়ে নাকা তালাচী চলাই থকা সময়ত জব্দ হয় দুষ্প্ৰাপ্য জন্তু কেইটা। আৰক্ষীয়ে এখন বাহনত তালাচী চলাই দুষ্প্ৰাপ্য জন্তু কেইটা জব্দ কৰে। দুষ্প্ৰাপ্য জন্তু কেইটা সৰবৰাহৰ লগত জড়িত ৫ জনকৈ লোককো আটক কৰে আৰক্ষীয়ে। ধৃত লোক কেইজন হৈছে ক্ৰমে মিংকো পুইয়া, এফ লালচন্দামা, লালৰিন লুয়াংগা, ভাললালেংগেডা আৰু জেনি লালৰুয়াট কিমি। আটাইকেইজন মিজোৰামৰ বাসিন্ধা।

আৰক্ষীৰ জেৰাত লোক কেইজনে দুষ্প্ৰাপ্য জন্তু কেইটা বিদেশৰ পৰা অনা বুলি স্বীকাৰ কৰিছে। ইফালে আৰক্ষীয়ে দুষ্প্ৰাপ্য জন্তু কেইটা ধলাই বন বিভাগক গতাই দিয়ে। দুষ্প্ৰাপ্য জন্তু কেইটা গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ইয়াৰ পুৰ্বে কেইবাবাৰো কাছাৰ জিলাত বিদেশৰ পৰা সৰবৰাহ কৰা দুষ্প্ৰাপ্য জন্তু জব্দ হৈছে। কিছুদিন পুর্বে চুবুৰীয়া ৰাজ্য মিজোৰামত জব্দ হৈছিল ১৪০ টা দুষ্প্ৰাপ্য জন্তু। মিজোৰামৰ চম্পাই জিলাত তিনিখন বাহনেৰে সৰবৰাহ কৰি থাকোতে বাহন তিনিখনৰ পৰা ১৪০ টা দুষ্প্ৰাপ্য জন্তু জব্দ কৰা হৈছিল।

মিজোৰাম আৰক্ষীয়ে ৰাজ্যিক আবকাৰী আৰু মাদক দ্ৰব্য বিভাগৰ লগত এক যুটীয়া অভিযান চলাই তিনিখন বাহন পৰা দুষ্প্ৰাপ্য জন্তু কেইটা জব্দ কৰিছিল। ১৪০ টা দুষ্প্ৰাপ্য জন্তু কেইটাৰ ভিতৰত আছিল ৩০ টা কাছ, বিভিন্ন প্ৰজাতিৰ ৪ বান্দৰ, ২২ টা অজগ সাপ আৰু বহু চৰাই। দুষ্প্ৰাপ্য জন্তু কেইটা ম্যানমাৰৰ পৰা আনি মিজোৰামৰ মাজেৰে দেশৰ অন্য প্ৰান্তত নিয়াৰ পৰিকল্পনা আছিল বন্যপ্ৰাণী সৰবৰাহকাৰীৰ। বন্যপ্ৰাণী সৰবৰাহৰ লগত জড়িত তিনিজনকৈ বন্যপ্ৰাণী সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰা হৈছিল।