নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰী, ২০২৬ : ৰে’লৱে আন্তগাঁথনি সুৰক্ষিত কৰি সুৰক্ষিত ৰে’ল চলাচল নিশ্চিত কৰাৰ দৃঢ় সংকল্প প্ৰদৰ্শনেৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে অভিযান্ত্ৰিক বিভাগৰ সৈতে যৌথভাৱে ফেব্ৰুৱাৰী মাহৰ সময়ছোৱাত দুদিনীয়া অভিযান চলাই ইয়াৰ অধিক্ষেত্ৰৰ অধীনৰ বিভিন্ন স্থানত ব্যাপক অবৈধ দখল উচ্ছেদ অভিযান চলায়। এই পদক্ষেপ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ভূমি সুৰক্ষা (Railway Land safety), পৰিচালন কাৰ্যক্ষমতা বৃদ্ধি আৰু আন্তগাঁথনিৰ সুৰক্ষা মজবুত কৰাৰ দিশত ধাৰাবাহিক প্ৰচেষ্টাৰে এক অংশ।

পশ্চিমবঙ্গত জলপাইগুড়ী জিলাৰ নাগ্ৰাকাটা ৰে’লৱে ষ্টেচনৰ পৰা সালচা ৰে’লৱে ষ্টেচন পৰ্যন্ত খণ্ডটোৰ লগতে আলিপুৰদুৱাৰ জিলাৰ দলগাঁও ৰে’লৱে ষ্টেচনৰ য়াৰ্ড এলেকাত এই অভিযানসমূহ চলোৱা হয়। একেদৰে অসমত যোৰহাট জিলাৰ মৰিয়নী ৰে’লৱে ষ্টেচনৰ ওচৰত আৰু কামৰূপ (মহানগৰ) জিলাৰ গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা কামাখ্যা ৰে’লৱে ষ্টেচন পৰ্যন্ত ৰে’লপথৰ আশে পাশে এই উচ্ছেদ অভিযানসমূহ চলোৱা হয়।
এই অভিযানসমূহৰ সময়ছোৱাত সৰ্ব্বমুঠ ৩৭ টা অবৈধ নিৰ্মাণ উচ্ছেদ কৰা হয় আৰু ৰে’লৱে ভূমিৰ পৰা ছটা চিমেণ্টৰ খুঁটা উচ্ছেদ কৰা হয়।

এই অভিযানৰ এক গুৰুত্বপূৰ্ণ বিশেষত্ব আছিল গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা কামাখ্যা ৰে’লৱে ষ্টেচন পৰ্যন্ত বৃহৎ পৰিসৰৰ এক উচ্ছেদ অভিযান, য’ত ৩৫ টা অবৈধ নিৰ্মাণসমূহ উচ্ছেদ কৰা হয়। এই উল্লেখযোগ্য উচ্ছেদ কাৰ্য হৈছে এই খণ্ডটোৰ এক অন্যতম বৃহৎ অবৈধ দখল বিৰোধী কাৰ্য আৰু ইয়াৰ ফলত ৰেলপথৰ দৃশ্যমানতা যথেষ্ট উন্নত হোৱাৰ লগতে, সুৰক্ষাৰ মানদণ্ড শক্তিশালী হ’ব আৰু এই গুৰুত্বপূৰ্ণ ৰে’লপথটোত ভৱিষ্যতে বেদখল ৰোধ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই ৰে’লৱে সম্পত্তি সুৰক্ষিত ৰখা আৰু যাত্ৰীসকলৰ লগতে ৰে’ল পৰিচালনৰ দিশত নিৰাপদ, সুৰক্ষিত আৰু বাধাহীন পৰিৱেশ নিশ্চিত কৰাৰ ক্ষেত্ৰত সদায় প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। ৰে’লৱে সুৰক্ষা বাহিনী আৰু অভিযান্ত্ৰিক বিভাগৰ যুটিয়া প্ৰচেষ্টাই ৰে’লপথৰ আশে পাশে সংঘটিত অসামাজিক কাৰ্যকলাপ হ্ৰাস কৰাত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। উত্তৰ-পূব সীমান্ত ৰে’লৱে জনসাধাৰণক ৰে’লৱে ভূমিত অবৈধ দখলৰ পৰা বিৰত থাকিবলৈ আৰু ৰেলৱেৰ সুৰক্ষা বজায় ৰখাত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।