কলগাছিয়া, সংবাদ ৩৬৫, ১ ডিচেম্বৰ : কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত সাওৰাচৰা গাঁৱৰ এগৰাকী দুটা সন্তানৰ মাতৃ । একেখন গাঁৱৰে ছানোৱাৰ হুছেইন নামৰ এজন যুৱকৰ সৈতে ফেচবুকৰ জৰিয়তে প্ৰেমৰ সম্পৰ্ক হয় মাতৃগৰাকীৰ ।

নিজ ঘৰলৈ মাতি নি অবৈধ সম্পৰ্ক স্থাপন কৰা প্ৰেমিকজনে প্ৰেমিকাক এৰি পলায়ন কৰে । প্রেমিকক বিচাৰি নাপাই প্ৰেমিকাই কান্দোনত ভাগি পৰি অচেতন হৈ পৰে ।

অৱশেষত প্ৰেমিকাক ছানোৱাৰ হুছেইনে নিজ ঘৰত মাতি আনি অবৈধ সম্পৰ্ক স্থাপন কৰাৰ পিছত প্ৰেমিকাক এৰি পলায়ন কৰে। ফলত প্ৰেমিক ছানোৱাৰক বিচাৰি নাপাই কান্দোনত ভাগি পৰাৰ লগতে অচেতন হৈ পৰে প্ৰেমিকা গৰাকী।

ঘটনাৰ সন্দৰ্ভত বৰভিটা আৰক্ষী চকীৰ আৰক্ষীক অৱগত কৰোৱা হৈছে ।

ইফালে প্ৰেমিকাৰ ভাবুকি ছানোৱাৰৰ ঘৰৰ চোতালতে ছানোৱাৰে বিয়া নাপাতিলে মৃত্যুক আঁকোৱালি লব।

মৰিলেও বা জীয়াই থাকিলেও ছানোৱাৰৰ ঘৰতেই থাকিম । মই মৰিলে ছানোৱাৰৰ পৰিয়াল মোৰ মৃত্যুৰ বাবে দায়ী হব। এনেদৰে কয় ছানোৱাৰৰ প্ৰেমিকাগৰাকীয়ে ।