গুৱাহাটী, সংবাদ ৩৬৫, ১৫ আগষ্ট : প্ৰবল আত্মপ্ৰত্যয়েৰে ফেশ্বন শ্ব’ৰ ৰেম্পত খোজ দিলে এদল বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে । সকলো বাধাগ্ৰস্ততাক নেওচি ফেশ্বনৰ পৃথিৱীত এজাক মূক বধিৰ কিশোৰ-কিশোৰীৰ আত্মবিশ্বাসভৰা খোজত মূক হৈ পৰিল দৰ্শক । কেৱল ৰেম্পতেই নহয়, বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰা নাটকৰ দৃশ্যই আৱেগিক কৰি তুলিলে উপস্থিত লোকসকলক।

বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীত থকা শিল্পগ্ৰামত পষেকজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সম্ভাৱনা শীৰ্ষক কৰ্মশালাৰ অন্তিম দিনা বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলে অংশ লয় এটা বিশেষ ফেশ্বন শ্ব’ত । গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাত থকা চৰকাৰী ভাউৰী দেৱী মূক বধিৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই ৰেম্প ৱাকত অংশগ্ৰহণ কৰে ।

অনুষ্ঠানত নগাঁৱৰ বঢ়মপুৰত থকা দৃষ্টিহীন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা নাটকে সকলোকে আকৰ্ষিত কৰে । গুৱাহাটীৰ বশিষ্ঠত থকা দৃষ্টিহীন হাইস্কুলৰ ছাত্ৰ -ছাত্ৰীয়েও অনুষ্ঠান প্ৰদৰ্শন কৰে । ইয়াৰ পূৰ্বে অ’ এন জি চিৰ উদ্যোগত ৫০জন দৃষ্টিহীন ব্যক্তিক নেভিগেছন ষ্টিক প্ৰদান কৰা হয় ।

অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা অহা দৃষ্টি প্ৰতিবন্ধী লোকসকলৰ মাজত এই ষ্টিকসমূহ বিতৰণ কৰে । অনুষ্ঠানত প্ৰাক্তন সাংসদ ৰমেন ডেকা, চলচ্চিত্ৰ নিৰ্মাতা ৰাকেশ শৰ্মা আৰু মডেলিং জগতৰ তাৰকা অমৃতা দত্তও উপস্থিত আছিল । সাংসদগৰাকীয়ে অনুষ্ঠানৰ অংশৰূপে সম্ভাৱনা শীৰ্ষক স্মৰণিকা এখনো মুকলি কৰে । আনহাতে ৰেম্প শ্ব’টোৰ কৰিঅ’গ্ৰাফী কৰে মিনু পলে । ডিজাইনাৰ আছিল মধুমিতা শৰ্মা আৰু ভাৰ্গৱ ডেকা ।

উল্লেখযোগ্য যে ৰাজ্যখনৰ বিশেষভাৱে সক্ষম শিশুসকলৰ শাৰীৰিক-মানসিক উত্তৰণৰ লগতে তেওঁলোকৰ সুপ্ত প্ৰতিভাসমূহৰ বিকাশ সাধন কৰিব পৰাকৈ এখন মঞ্চ দিয়াৰ উদ্দেশ্যে সংস্থাটোৰ ষষ্ঠ বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচী গ্ৰহণ কৰা হয় । ইয়াৰ পূৰ্বেও সংস্থাটোৱে দিব্যাংগজ্যোতি মহোৎসৱ তথা ৰাজ্যৰ ভিতৰতে প্ৰথম বাৰলৈ দৃষ্টিহীন খেলুৱৈৰ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছিল ।