জোনমণি বেগম

বিশ্বনাথ : দক্ষিণ মাজুলী আৰু দেৰগাঁৱৰ সমীপৰ ভেকেলি চাপৰিৰ কোমলিয়াত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বুলি নিশ্চিত হোৱাৰ পিছতে বিশ্বনাথত উদ্ধাৰ হৈছে চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বেগ। বিশ্বনাথৰ ভাছাতাপুত উদ্ধাৰ হৈছে চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বেগটো।

উল্লেখ্য যে দক্ষিণ মাজুলী আৰু দেৰগাঁৱৰ সমীপৰ ভেকেলি চাপৰিৰ কোমলিয়াত পানীত ওপঙি থকা অৱস্থাত চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ হোৱা কিছু সময় পিছতে বিশ্বনাথত উদ্ধাৰ হয় চিকিৎসক গৰাকীৰ বেগটো। বিশ্বনাথৰ ভাছাতাপুত মুনাফ আলী নামৰ এজন লোক পত্নীৰ সৈতে খৰি আনিবলৈ গৈ এটা বেগ প্ৰত্যক্ষ কৰে।

মুনাফ আলীয়ে বেগটো উদ্ধাৰ কৰি স্থানীয় ৰাইজৰ সহযোগত বিশ্বনাথ চাৰিআলি আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ বেগটো নিৰীক্ষণ কৰি নিশ্চিত হয় যে বেগটো চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ। বেগটোৰ ভিতৰৰ পৰা আৰক্ষীয়ে চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ পৰিচয় পত্ৰ উদ্ধাৰ কৰিছে। ফেৰী দুৰ্ঘটনাত সন্ধানহীন হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ বেগ আৰু মৃতদেহ বিশ্বনাথত উদ্ধাৰ হৈছিল।

যোৱা ৮ ছেপ্টেম্বৰত নিমাতিঘাটত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল চিকিৎসক বিক্ৰমজিৎ বৰুৱা। মঙলবাৰে দক্ষিণ মাজুলী আৰু দেৰগাঁৱৰ সমীপৰ ভেকেলি চাপৰিৰ কোমলিয়াত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ।