গুৱাহাটী, ১৫ জুনঃ সৰ্বভাৰতীয় দবা ফেডাৰেছনৰ স্বীকৃতিপ্ৰাপ্ত গুৱাহাটী দবা সন্থাই মহানগৰীত আন্তঃৰাষ্ট্ৰীয় ফিডে দবা ৰেটিং প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷ অহা ১২ জুলাইৰ পৰা ১৬ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া দবা প্ৰতিযোগিতাখনত মুঠ প্ৰাইজমানিৰ পৰিমান ৩.২০ লাখ৷ বহিঃৰাজ্যৰ কেইবাজনো শীৰ্ষ খেলুৱৈয়ে প্ৰতিযোগিতাত যোগদান কৰাটো নিশ্চিত কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় ফিডে দবা ৰেটিং প্ৰতিযোগিতাৰ আয়োজন সমিতিৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, কাৰ্যকৰী সভাপতি পাৰ্থ দেৱ গোস্বামী, আৰু সাধাৰণ সম্পাদক লাচিত বৰ্মনে প্ৰতিযোগিতাত ভাগ ল’বলৈ আগ্ৰহী খেলুৱৈ সকলক গুৱাহাটী চেছ এছ’চিয়েছন, মণিপুৰী বস্তিস্থিত কাৰ্য্যালয় অথবা [email protected] ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷ প্ৰতিযোগিতাখনত সহযোগিতা আগবঢ়াইছে গুৱাহাটী দবা খেলুৱৈৰ অভিভাৱক ফ’ৰামে৷