গুৱাহাটী, সংবাদ ৩৬৫, ৩ ছেপ্টেম্বৰ : ২০২২ চনত কাটাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ যুটীয়া প্ৰাথমিক যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডৰ ভাৰত আৰু ওমানৰ মাজৰ মেচখন অহা ৫ ছেপ্টেম্বৰত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । এই হাইভ’ল্টেজ মেচখনৰ বাবে ভাৰত আৰু ওমানৰ দল দুটা সোমবাৰে গুৱাহাটীত উপস্থিত হয়।

সন্ধিয়া ৬ বজাত ওমান দলটো আৰু নিশা ৯ বজাত ভাৰতীয় দলটোৱে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত অৱতৰণ কৰে । সম্প্ৰতি দুয়োটা দল ক্ৰমে ওমানে হোটেল ন’ভটেল আৰু ভাৰতীয় দলটোৱে ৰেডিচন ব্লুত বাহৰ পাতিছে। দুয়োটা দলে যাতে কোনোধৰণৰ অসুবিধাৰ সম্মুখীন নহয় তাৰ বাবে অসম চৰকাৰৰ সহযোগিতাত অসম ফুটবল সন্থাই সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

ওমান দলে পল্টন বজাৰৰ ছাই খেলপথাৰত আৰু ভাৰতীয় দলটোৱে এল.এন.আই.পি.ইৰ খেলপথাৰত মঙলবাৰৰ বিয়লিৰ পৰা অনুশীলন কৰিব ।

মঙলবাৰে অসম ফুটবল সন্থাই এখন সংবাদমেল অনুষ্ঠিত কৰি কয় যে এয়া আমাৰ বাবে অতিশয় আনন্দৰ কথা যে তাৰকা খেলুৱৈ সুনীল ছেত্ৰীৰ নেতৃত্বত অহা ভাৰতীয় দলটোত অসমৰ সু-সন্তান বিনিত ৰায় অন্তৰ্ভুক্ত হৈছে। মেচখনৰ সৰ্বতোপ্ৰকাৰৰ সাফল্যৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱৰ আন্তৰিক সদিচ্ছাৰ ফলস্বৰূপে অসম চৰকাৰৰ সহযোগিতাত অসম ফুটবল সন্থাই সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰু সৰুসজাই ষ্টেডিয়ামত খেলৰ বানে যাৱতীয় সকলো দিশ সম্পূৰ্ণ কৰি তোলা হৈছে ।

মেচখনৰ বাবে ২৩ হাজাৰ টিকট ছপা কৰা হৈছে আৰু ‘বুক মাই শ্ব’ৰ অনলাইনৰ টিকট মঙলবাৰৰ পৰা সৰুসজাই ষ্টেডিয়ামত উপলব্ধ হ’ব । অসম ফুটবল সন্থাৰ তৰফৰ পৰা সংবাদ গোষ্ঠীসমূহৰ সম্পাদকসকলৰ বাবে বিশেষ পাছৰ ব্যৱস্থা কৰা হৈছে ।

উল্লেখযোগ্য যে অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক হেমেন্দ্ৰ নাথ ব্ৰহ্ম আৰু সভাপতি নৱ দলে ।