নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৩ আগষ্ট : ৰাজ্যৰ পৰ্যটন বিভাগে ২০২০ চনত বলীউডৰ সৰ্ববৃহৎ পুৰষ্কাৰ বিতৰণী অনুষ্ঠান ” ফ্লিমফেয়াৰ এৱাৰ্ড ” অসমত অনুষ্ঠিত কৰিব বিচাৰিছে । ট্যুৰ অপাৰেটৰ সমাৰোহত এই বিষয়ে জানিবলৈ দিয়ে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

এই সংক্ৰান্তত ইতিবাচক সঁহাৰি জনাইছে টাইমছ গ্ৰুপেও। অমিতাভ বচ্চনৰ পৰা শ্বাহৰুখ খান,অজয় দেৱগনলৈকে, কেটৰীণা কেঈফৰ পৰা দিপিকা পাডুকন, শ্ৰদ্ধা কাপুৰলৈকে সকলোৱে ৰঙীণ কৰি তুলিব গুৱাহাটী। উপস্থিত থাকিব বলীউডৰ নামী দামী তাৰকাৰ পৰা পৰিচালক প্ৰযোজকলৈকে।

উল্লেখ্য যে, চলিত বিত্তীয় বৰ্ষত ৰাজ্যৰ পৰ্যটন বিভাগৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ৩০০ কোটি টকা ৰাজ্য চৰকাৰে আৱন্টন দিছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্রীজনে।