গুৱাহাটী, সংবাদ ৩৬৫, ২১ নৱেম্বৰ : সদৌ অসম বঙালী নাগৰিক সমাজে প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ বিৰুদ্ধে বৃহস্পতিবাৰে দিছ্পুৰ থানাত এখন এজাহাৰ দাখিল কৰে । এজাহাৰ দাখিল কৰি ভাৰতীয় দণ্ডবিধি অনুসৰি প্ৰাক্তন মন্ত্ৰীগৰাকীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়।

এজাহাৰখনত সদৌ অসম বঙালী নাগৰিক সমাজে উল্লেখ কৰে যে দিছ্পুৰ সচিবালয়ৰ সন্মুখত অসমত বসবাস কৰা বঙালী সম্প্ৰদায়ৰ লোকক অপমান কৰি আৰু মিছা দোষাৰোপ কৰি সংবাদ মাধ্যমৰ সন্মুখত যি সাম্প্ৰদায়িক আৰু বিৰূপ মন্তব্য দাঙি ধৰিলে তাৰ বাবে সমগ্ৰ অসমতে অসমীয়া আৰু বঙালী সম্প্ৰদায়ৰ মানুহৰ মাজত এটা বিৰূপ সাম্প্ৰদায়িক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’বলৈ ধৰিছে।

বৈদ্যুতিক মাধ্যমৰ সন্মুখত যি বিৰূপ সাম্প্ৰদায়িক মন্তব্যৰ কৰিছে তাৰ বাবে আমি তেওঁক ধিক্কাৰ জনাওঁ। Hate Speech দিয়াৰ বাবে অসমত যি শান্তি শৃংখলাৰ ভংগ হৈছে তাৰ বাবে ভাৰতীয় দণ্ডবিধি অধীনত তেওঁৰ শাস্তিৰ বাবে আমি সদৌ অসম বঙালী নাগৰিক সমাজে দাবী জনালোঁ। এজাহাৰত এনেদৰে উল্লেখ কৰে সদৌ অসম বঙালী নাগৰিক সমাজে।

উল্লেখযোগ্য যে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই বাঙালীসকলে অসমত অত্যাচাৰ চলাই আহিছে বুলি মন্তব্য কৰাৰ লগতে অসমীয়া ভাষা–সাহিত্যৰ বিকাশ বঙালীসকলে হ’বলৈ দিয়া নাই বুলি মন্তব্য কৰিছিল।