গুৱাহাটী, ২৯ ছেপ্টেম্বৰ, ২০২৫ : গায়ক নিলোৎপল বৰাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত (Dispur Police Station) এজাহাৰ দাখিল। গুৱাহাটী যুৱ সাংবাদিক সমাজে দাখিল কৰে এজাহাৰ।গায়ক নিলোৎপল বৰাই কেমেৰা ভাঙিম বুলি সাংবাদিকক দিছিল ভাবুকি। ঠায়ে ঠায়ে সংঘটিত বিক্ষিপ্ত ঘটনাত গায়ক নিলোৎপলৰ হাত থকাৰো সন্দেহ সাংবাদিকসকলৰ। সেয়েহে গায়ক নিলোৎপল বৰাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি বিহিত ব্যৱস্থা লবলৈ আহ্বান যুৱ সাংবাদিকসকলৰ।

সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ নশ্বৰ দেহ কাহিলীপাৰাস্থিত বাসগৃহলৈ অনাৰ সময়ত ২১ ছেপ্টেম্বৰ,২০২৫ ৰ দিনা কৰ্তব্যৰত সাংবাদিকক উদ্দেশ্যি নীলোৎপল বৰা নামৰ গায়কজনে ‘কেমেৰা ভাঙি দিম’ বুলি কৰা মন্তব্যক জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামে তীব্ৰ গৰিহণা দিছে। গায়ক গৰাকীৰ এনে উচটনিমূলক মন্তব্যই কৰ্তব্যৰ সাংবাদিক সকলক জীৱন আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াইছে। উক্ত স্থানত উপস্থিত হাজাৰ হাজাৰ জুবিন অনুৰাগী সকলক উচটনি দি সাংবাদিক সকলক প্ৰহাৰ কৰিবলৈ উচটনি দিয়া গায়ক গৰাকীৰ এনে কাৰ্য অতি নিন্দনীয় তথা অগ্ৰহণযোগ্য।

কৰ্তব্যৰত সাংবাদিকৰ জীৱন তথা সম্পত্তিলৈ ভাবুকি আনি গায়কজনে কৰা অসংবেদনশীল মন্তব্যৰ বিৰুদ্ধে আইন অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ জাৰ্ণেলিষ্টছ ইউনিয়ন অৱ আছামে দাবী জনাইছে। ৰাজ্যত শেহতীয়াভাবে বৃদ্ধি পাইছে সাংবাদিক নিগ্রহৰ ঘটনা। কৰ্তব্যৰত সাংবাদিকক আক্ৰমণৰ ঘটনাক জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামে কঠোৰ ভাষাৰে গৰিহণা দিয়ে আৰু দোষীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়I এই ধৰণৰ বাৰে বাৰে সাংবাদিক আক্ৰমনৰ ঘটনাক ৰাজ্যৰ গৃহমন্ত্ৰীৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙক উপযুক্ত ব্যৱস্থা লবলৈ আহ্বান জনায়। এই ক্ষেত্ৰত জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাকো সাংবাদিকক আক্ৰমণৰ ঘটনাৰ তদন্তৰ ক্ষেত্ৰত হস্তক্ষেপ বিচাৰে জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামে।