হাটশিঙিমাৰী, সংবাদ ৩৬৫, ২১ মে’: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা অন্তৰ্গত আসাম কাটা বজাৰত বুধবাৰে নিশা প্ৰায় ১ মন বজাত দুখনকৈ দোকান জুইত ভস্মীভূত হোৱা ঘটনাই সমগ্ৰহ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। জিলকাত আলী আৰু ৰুছতম আলী নামৰ দুজন ব্যৱসায়ীৰ গেলামাল আৰু প্লাষ্টিকৰ দোকানত দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ।

প্ৰাপ্ত খবৰ মতে মানকাচৰ থানা অন্তৰ্গত আসাম কাটা বজাৰত বুধবাৰে নিশা প্ৰায় ১ মন বজাত সহিদুৰ ৰহমান নামৰ এজন দুৰ্বৃত্তই জিলকাত আলী আৰু ৰুছতম আলী নামৰ দুজন ব্যৱসায়ীৰ গেলামাল আৰু প্লাষ্টিকৰ দোকানত পৰিকল্পিত ভাবে অগ্নি সংযোগ কৰাত ব্যৱসায়ী দুজনৰ দোকান দুখন সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয়। দোকান দুখনত থকা প্ৰায় ৪ লাখ টকাৰ সমগ্রী জুইত জ্বলি ছাই হোৱা বুলিও জানিব পৰা গৈছে। দোকানী দুজনৰ লগত দুৰ্বৃত্ত সহিদুৰ ৰহমানৰ দীৰ্ঘদিন ধৰি কাজিয়া চলি আছিল আৰু বুধবাৰে নিশা আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি ১ মান বজাত সহিদুৰ ৰহমানে দোকানী দুজনৰ দোকানত অগ্নি সংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে দোকানী দুজনে।

সম্প্ৰীতি সমগ্ৰ ঘটনাৰ তদন্ত কৰি দোষীক কৰায়ত্ত কৰিবলৈ ভুক্তভোগী দোকানী দুজনে মানকাচৰ থানাত গোচৰ ৰুজু কৰিছে। ইফালে দুৰ্বৃত্ত সহিদুৰ ৰহমানক অতি শীঘ্ৰে আটক কৰি জে’ল লৈ প্ৰেৰণ কৰিবলৈ স্থানীয় ৰাইজে প্ৰশাসনক দাবী জনাইছে।