বঙাইগাঁও, ২৯ জানুৱাৰী, ২০২৪ : পুৱতি নিশাই সংঘটিত হ’ল এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire Incident)। ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হ’ল কেইবালক্ষাধিক টকাৰ সম্পত্তি। অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী দীর্ঘসময় ধৰি প্ৰচেষ্টা চলাই জুই নিৰ্বাপন কৰে। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ।
সোমবাৰে পুৱতি নিশাই সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত ভস্মীভূত হয় কেইবালক্ষাধিক টকাৰ সম্পত্তি। বঙাইগাঁও জিলাৰ কীৰ্তনপাৰা বজাৰত পুৱতি নিশা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত কীৰ্তনপাৰা বজাৰৰ ২৫ খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জুইত জাহ যায়। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ।
জুইৰ লেলিহান শিখাই ইখনৰ পিছত সিখন দোকানলৈ বিয়পি পৰাত পৰিস্থিতিত অধিক ভয়াবহ হৈ পৰে। স্থানীয় ৰাইজে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা চলায় যদিও জুই নিয়ন্ত্ৰণহীন হৈ পৰাত জুই নিৰ্বাপন কৰাত ৰাইজ ব্যৰ্থ হয়। অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত অগ্নি নিৰ্বাপন বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায়। অগ্নি নিৰ্বাপন বাহিনীৰ কেইবাখনো গাড়ী দীর্ঘসময় ধৰি প্ৰচেষ্টা চলাই অৱশেষত জুই নিৰ্বাপন কৰে যদিও অগ্নিকাণ্ডত কেইবালক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়।
বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কীৰ্তনপাৰা বজাৰত পুৱতি নিশা সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডত ২৫ খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। গেলামালৰ দোকান, কাপোৰৰ দোকান, কেইবাখনো ফলৰ দোকানসহ ২৫ খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয়। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে।
ঘটনাস্থলীত প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে উপস্থিত হৈ অগ্নিকাণ্ড ভস্মীভূত হোৱা দোকানৰ গৰাকী সকলক সান্তনা দি চৰকাৰ ফালৰ পৰা ভুক্তভোগী সকলক সাহাৰ্য্য প্ৰদানৰ আশ্বাস দিয়ে। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ইফালে অগ্নিকাণ্ডত সকলে হেৰুৱাই কান্দোনত ভাঙি পৰিছে ভুক্তভোগী সকল।চৰকাৰক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈও আহ্বান জনাইছে ভুক্তভোগী সকলে। আনহাতে, দেওবাৰে নিশা তিনিচুকীয়াৰ নিউ মাৰ্কেটত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হয় ৩০ খনৰো অধিক দোকান।