নিউজ ডেস্ক : আফগানিস্তান দখলৰ পিছত তালিবানৰ প্ৰথমখন সংবাদ মেল। সংবাদ মেল অনুষ্ঠিত কৰি তালিবানৰ মুখপাত্ৰ জবিহুল্লাহ মোজাহিদীয়ে আশ্বাস প্ৰদান কৰিছে যে তেওঁলোকে কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠনৰ ক্ষতি নকৰে। তালিবানৰ মুখপাত্ৰ গৰাকীয়ে কয় যে তালিবানক আন্তঃৰাষ্ট্ৰীয় ফালৰ পৰা স্বীকৃতি প্ৰদান কৰিব লাগে। তালিবানে মহিলা সকলক অধিকাৰ প্ৰদান কৰিব বুলিও উল্লেখ কৰে জবিহুল্লাহ মোজাহিদীয়ে।

তালিবানৰ মুখপাত্ৰ গৰাকীয়ে সংবাদ মেলত কয় যে তালিবানৰ লগতে যুদ্ধ কৰা সকলোকে তালিবানে ক্ষমা কৰি দিছে। জবিহুল্লাহ মোজাহিদীয়ে আফগানিস্তানৰ লোক সকলৰ সুৰক্ষা প্ৰদান কৰাৰ কথাও উল্লেখ কৰে। তালিবানে কৰো ওপৰত আক্ৰমণ নকৰে, তালিবানে প্ৰতিশোধ নলয়। জবিহুল্লাহ মোজাহিদীয়ে কয় আমাৰ ভূমি কোনো ধৰণৰ বেয়া কামত ব্যৱহাৰ নহয়। জবিহুল্লাহ মোজাহিদীয়ে আশা প্ৰকাশ কৰে যে আন্তঃৰাষ্ট্ৰীয় ফালৰ পৰা তেওঁলোকক স্বীকৃতি প্ৰদান কৰা হ’ব।

ইফালে মহিলা সকলৰ অধিকাৰ সন্দৰ্ভত তালিবানৰ মুখপাত্ৰ জবিহুল্লাহ মোজাহিদীয়ে কয় যে মহিলা সকলক বিদ্যালয় আৰু চিকিৎসালয়ত কাম কৰাৰ সুবিধা প্ৰদান কৰা হ’ব। ইছলামৰ অনুসৰি মহিলা সকলক অধিকাৰ প্ৰদান কৰা হ’ব আৰু মহিলা সকলৰ লগত কোনো ধৰণৰ ভেদাভেদ কৰা নহয় বুলিও কয় জবিহুল্লাহ মোজাহিদীয়ে। আফগানিস্তানক নিজৰ নাগৰিক সকলৰ বাবে তেওঁলোকৰ অনুযায়ী নিয়ম নীতি বনোৱাৰ অধিকাৰ দিয়া হ’ব বুলিও কয় জবিহুল্লাহ মোজাহিদীয়ে।

জবিহুল্লাহ মোজাহিদীয়ে অন্যান্য দেশ সমূহে তেওঁলোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগে বুলি কয়। সংবাদ মেলত জবিহুল্লাহ মোজাহিদীয়ে কয় যে তালিবানে প্ৰতিশ্ৰুতি দিছে যে তেওঁলোৰ শাসনত অৰ্থ ব্যৱস্থা আৰু মানুহৰ জীৱনৰ স্তৰ উন্নত হ’ব। তালিবানৰ মুখপাত্ৰ গৰাকীয়ে কয় যে আফগানিস্তানত এতিয়া আৰু কোনোৱে কাকো অপহৰণ নকৰে, কোনোৱে কাকো হত্যা নকৰে। সকলোকে সুৰক্ষা প্ৰদান কৰা হ’ব।

ইফালে তালিবানৰ হাতলৈ আফগানিস্তান যোৱাৰ পিছৰে পৰা দেশ এৰি আফগানিস্তানৰ লোক সকলে পলায়ন আৰম্ভ কৰিছে। জবিহুল্লাহ মোজাহিদীয়ে আফগানিস্তানৰ লোক সকলক দেশ এৰি নাযাবলৈ আহ্বান জনায়। আফগানিস্তান তেওঁলোকৰ দেশ বুলি কয় জবিহুল্লাহ মোজাহিদীয়ে।

ইফালে সংবাদ মেলত তালিবানৰ মুখপাত্ৰ গৰাকীক সংবাদ মাধ্যমত মহিলা সকলে কাম কৰিব পাৰিব নে নাই বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে তালিবানৰ চৰকাৰ গঠন হোৱাৰ পিছত স্পষ্ট কৰা হ’ব যে ছাৰিয়া আইন মতে কি কি কৰিব পৰা যাব। আফগানিস্তানত সংবাদ মাধ্যমে স্বতন্ত্ৰ হিচাপে কাম কৰিব পাৰিব কিন্তু ইছলামিক মূল্যৰ বাহিৰত সংবাদ মাধ্যম কাম নকৰিবলৈ তেওঁ কয়।