গোৱালপাৰা, ১১ জুলাই, ২০২৪ : বানৰ তাণ্ডৱৰ মাজতে ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ নাওঁ দুৰ্ঘটনা। ব্ৰহ্মপুত্ৰ নদীত (River Brahmaputra) সংঘটিত হৈছে এই নাওঁ দুৰ্ঘটনা। ব্ৰহ্মপুত্ৰৰ পানীত পৰি নিহত পাঁচজনকৈ লোক। তিনিজনৰ মৃতদেহ উদ্ধাৰ। দুজন সন্ধানহীন। এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীৰ লগতে স্থানীয় ৰাইজৰ উদ্ধাৰ অভিযান অব্যাহত। অঞ্চলজুৰি কান্দোনৰ ৰোল, বিৰাজ কৰিছে এক শোকৰ ছাঁ।

বছৰৰ দ্বিতীয়টো বানে ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে। বাঢ়নী পানীত ডুব গৈ আছে ৰাজ্যৰ ২৬ খনকৈ জিলা। বানৰ ফলত ৰাজ্যত কেইবাজনো লোক নিহত হোৱাৰ বিপৰীতে কেইবালক্ষাধিক লোক প্ৰভাৱিত হৈ আছে। ৰাজ্যজুৰি বানৰ তাণ্ডৱলীলা অব্যাহত থকাৰ মাজতে এক ভয়ংকৰ নাওঁ দুৰ্ঘটনাত নিহত হৈছে পাঁচজনকৈ লোক। এই ভয়ংকৰ নাওঁ দুৰ্ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ শিমলীতোলা। শ্মশানৰ পৰা মৃতদেহ সৎকাৰ কৰি উভতি অহা পথত ব্ৰহ্মপুত্ৰ নদীত নাওঁ দুৰ্ঘটনা হৈ পাঁচজনকৈ লোক সন্ধানহীন হৈ পৰে।

ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হোৱা তিনিজন লোকৰ মৃতদেহ উদ্ধাৰ।হয় যদিও বাতৰি লিখা সময়লৈকে দুজন লোক সন্ধানহীন হৈ আছিল। গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত শিমলীতোলাৰ নয়াপাৰাত থকা শ্মশান ঘাটত এখন টুলুঙা নাৱেৰে ২৬ জনকৈ লোক মৃতদেহ সৎকাৰ কৰিবলৈ যায়। মৃতদেহ সৎকাৰৰ অন্তত টুলুঙা নাওঁখনৰে উভতি অহা সময়ত ব্ৰহ্মপুত্ৰ নদীৰ সূতি এটাৰ মাজভাগত নাওঁখন পানীত ডুব যায় আৰু যাত্ৰী সকল পানী পৰি যায়।

পাঁচজন লোক দ’পানীত সন্ধানহীন হোৱাৰ লগে লগে স্থানীয় ৰংজুলি আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীক খবৰ দিয়া হয়। অঞ্চলটোৰ একাংশ লোকে আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ অপেক্ষা নকৰি টুলুঙা নাৱৰে উদ্ধাৰ অভিযান চলায়। স্থানীয় ৰাইজে সন্ধানহীন হোৱা পাঁচজন লোকৰ ভিতৰত তিনিজনৰ মৃতদেহ। উদ্ধাৰ কৰে যদিও দুজন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল। মৃতদেহ উদ্ধাৰ হোৱা লোক তিনিজনক হৈছে ক্ৰমে মনজিৎ শ্বাহা, জগৎ কৰ্মকাৰ আৰু সুজন মালাকাৰ। সন্ধানহীন হৈ থকা লোক দুজন গৌৰাংগ মালাকাৰ আৰু উদয় সৰকাৰ বুলি জানিব পৰা গৈছে।

ঘটনাৰ খবৰ পাই ঘটনাস্থলীত মাটিয়া আৰু ৰংজুলি আৰক্ষীৰ লগতে এছ ডি আৰ এফ বাহিনীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখে। বাতৰি লিখা সময়লৈকে সন্ধানহীন হৈ থকা লোক দুজন উদ্ধাৰ হোৱা নাই। এই ভয়ংকৰ নাওঁ দুৰ্ঘটনাত পাঁচজনকৈ লোক নিহত হোৱাত অঞ্চলজুৰি কান্দোনৰ ৰোল পৰিলক্ষিত হয়। ঘটনাক কেন্দ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য অব্যাহত থকাৰ লগতে শোকৰ ছাঁ বিৰাজ কৰিছে।