পলাশবাৰী, সংবাদ ৩৬৫, ১৮ জুলাই : এইবাৰ বানাক্ৰান্ত লোকে অৱৰোধ কৰিলে ৰাজ্যিক পথ । মহানগৰীৰ ধাৰাপুৰৰ সমীপৰ মাজিৰিগাওঁত বানাক্ৰান্ত লোকে অৱৰোধ কৰিলে পথ । ধাৰাপুৰ-পলাশবাৰী সংযোগী ৰাজ্যিক পথ অৱৰোধ কৰি দিলে স্থানীয় বানাক্ৰান্ত লোকে । একাংশ লোকে নলা-নৰ্দমা বন্ধ কৰি দিয়াত এটি অঞ্চল বুৰি যোৱাত স্থানীয় লোকে বন্ধ কৰি দিলে পথচোৱা ।

গড়ল পঞ্চায়তৰ একাংশ লোকে পথৰটোৰ দাতিত থকা নলা-নৰ্দমা বন্ধ কৰি দিয়াৰ ফলত মাজিৰিগাওঁ পঞ্চায়তৰ মাজিৰিগাওঁ,বৰুৱাপাৰা,ৰাজাপাৰা,হাতীপাৰা আদি গাওঁসমূহ পানীত বুৰ যোৱাত স্থানীয় একাংশ ৰাইজে নলা মুকলি কৰি দিছিল যদিও গড়লৰ একাংশ লোকে বন্ধ কৰি দিয়ে নলাসমুহ যাৰ ফলত অঞ্চলটোৰ পৰা ওলাই যাব লগা পানীসমূহ পুনৰ আৱদ্ধ হৈ ৰয় ।

আনহাতে , এই নলা বৃহৎ আকাৰে খান্দি দিয়াৰ ফলত বুৰ যাব পাৰে গড়ল, ধাৰাপুৰৰ অঞ্চলসমুহ । আনকি স্থানীয় বানাক্ৰান্ত লোকসকলে নলা-নৰ্দমা মুকলাই নিদিয়াৰ ফলত উভতাই পঠায় বানসাহাৰ্য্য । নলা-নৰ্দমা মুকলাই নিদিয়াৰ প্ৰতিবাদত স্থানীয় লোকে বান সাহাৰ্য্য নালাগে,নলা-নৰ্দমা মুকলি কৰি দিয়ক,আজাৰা চক্ৰ বিষয়া মুৰ্দাবাদ আদি ধব্বনিৰে উত্তাল কৰে মাজিৰগাওঁৰ অঞ্চল ।

উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঘটনাস্থলিত আজাৰা আৰক্ষী,মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে অতিৰিক্ত জিলা উপায়ুক্ত খিটিছ পেগু উপস্থিত হোৱাৰ লগতে মোতায়েন কৰে আৰক্ষী,চি আৰ পি এফ,বীৰাংগনাৰ দল । নলা-নৰ্দমা বন্ধ কৰি থোৱাত স্থানীয় লোক আৰক্ষী আৰু আজাৰা চক্ৰ বিষয়াৰ মাজত এক বাক-বিতংকাৰো সৃষ্টি হয় । অৱশেষত গুৱাহাটীৰ অতিৰিক্ত জিলা উপায়ুক্তৰ উপস্থিতিত পথচোৱা মুকলি কৰি দিয়া হয় ।

উল্লেখ্য যে ৰাইজে এই ৰাজ্যিক পথটো প্ৰায় ৪ ঘন্টা ধৰি বন্ধ কৰি ৰাখে যাৰ ফলত আৱদ্ধ হৈ পৰিছিল বহুতো যান-বাহন ।