গুৱাহাটী, সংবাদ ৩৬৫, ১১ জুলাই : ব্ৰহ্মপুত্ৰত পানী বঢ়াৰ বাবে সাময়িকভাৱে বন্ধ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা। বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা বন্ধ থাকিব এই সেৱা।

যোৱা কেইবাদিনো ধৰি একেৰাহে ৰাজ্যত হোৱা বৰষুণৰ ফলত ক্ৰমাৎ বাঢ়ি আহিছে ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনদীসমূহৰ জলপৃষ্ঠ । জলপৃষ্ঠই বিপদ সীমা পাৰ কৰা নাই যদিও একেৰাহে একে হাৰত বৰষুণ দি থাকিলে হয়তো ব্ৰহ্মপুত্ৰৰ পানীয়ে পাৰ কৰিব বিপদ সীমা।

বৰ্তমান ৪৯.৪২ ছেণ্টিমিটাৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী। ৪৯.৬৮০ ছেণ্টিমিটাৰত আছে বিপদ সীমা। বিয়লি ৩ বজালৈ বিপদ সীমা অতিক্ৰম কৰাৰ আশংকা আছে।

জলপৃষ্ঠ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জলপৰিহবন বিভাগে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস নোহোৱা পৰ্যন্ত গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধ ৰাখিবলৈ নিৰ্দেশনা দিছে। ইয়াৰ পৰিবৰ্তে থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত অতিৰিক্ত বাছ সেৱা।