নগৰবেৰা

আব্দুল হক

২৩ জুলাই

বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য বিতৰণৰ নামত বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত কালাইৰদিয়াত ব্যাপক দুৰ্নীতিৰ অভিযোগ। বৃহৎ পৰিমাণৰ চাউল, দাইল বিক্ৰী কৰাৰ অভিযোগ গাঁওবুঢ়াৰ বিৰুদ্ধে। বাঘবৰ ৰাজহ চক্ৰ বিষয়াৰ ওচৰত লিখিত অভিযোগ ৰাইজৰ।

প্ৰলয়ংকাৰী বানৰ কবলত পৰি সকলো হেৰুৱাই আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হোৱা লোক সকলক লৈ এতিয়া ৰমৰমীয়া ব্যৱসায়ত ব্যস্ত একাংশ লোক।বানাক্ৰান্ত ৰাইজক যোগান ধৰা সাহায্য বিতৰণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে কালাইৰদিয়া গাঁৱৰ ৩২ নং লাটৰ গাঁওবুঢ়া আবু বাক্কাৰ ছিদ্দিকৰ বিৰুদ্ধে। বানাক্ৰান্ত ৰাইজৰ গুৰুত্বৰ অভিযোগ যে, অঞ্চলটোৰ বান পীড়িতৰ লোক সকলৰ বাবে চৰকাৰে যোগান বান সাহায্যৰ বৃহৎ পৰিমাণৰ চাউল, দাইল, নিমখ আৰু ত্ৰিপাল বিক্ৰী কৰিছে গাঁওবুঢ়া আবু বাক্কাৰ ছিদ্দিকে। গাঁওবুঢ়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি চক্ৰ বিষয়াৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে বানাক্ৰান্ত ৰাইজে। বানাক্ৰান্ত ৰাইজে জানিবলৈ দিয়ে যে, গাঁওবুঢ়া আবু বাক্কাৰ ছিদ্দিকে ৮ কুইন্টল ৬২ কেজি চাউল, ২ কুইন্টল ৩৭ কেজি দাইল, ২ কুইন্টল ১৮ কেজি চাপট, ত্ৰিপাল আৰু নিমখ হৰলুকি কৰি ইতিমধ্যে বিক্ৰী কৰিছে। গাঁওবুঢ়া আবু বাক্কাৰ ছিদ্দিকৰ এনে নিকৃষ্ট কৰ্মকাণ্ডৰ উচিত শাস্তি দাবী কৰি একাংশ বানাক্ৰান্ত ৰাইজে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ বৃহস্পতিবাৰে সাব্যস্ত কৰে প্ৰতিবাদ।

এই সন্দৰ্ভত আলোপতি আৰক্ষী থানাত বানাক্ৰান্ত ৰাইজে গাঁওবুঢ়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ যাওঁতে ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে বানাক্ৰান্ত ৰাইজক দুৰ্ব্যৱহাৰ কৰি এজাহাৰ ঘুৰাই দিয়ে বুলিও অভিযোগ উত্থাপিত হৈছে। বানৰ কবলত পৰি সকলো হেৰুৱাওৱা বানাক্ৰান্ত ৰাইজৰ পেটৰ ভাতমুঠিও কাঢ়ি খোৱা গাঁওবুঢ়া আবু বাক্কাৰ ছিদ্দিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবনে চৰকাৰে? চৰকাৰলৈ বনাক্ৰান্ত ৰাইজে প্ৰশ্ন।