গুৱাহাটী, ১১ ফেব্ৰুৱাৰী, ২০২৫ : চলিত ১৭ বছৰ অনুৰ্ধ ড্ৰিম স্প’ৰ্টছ (Dream Sports) ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত দুখন খেলৰ প্ৰথমখনত অসম ৱাৰিয়ৰ্ছ স্প’ৰ্টছ একাডেমীয়ে জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন মেচ ড্ৰ হয়৷ পুৱা অনুষ্ঠিত এখন একপক্ষীয় মেচত অসম ৱাৰিয়ৰ্ছে ৫-১ গ’লৰ ব্যৱধানত কাছা ফুটবল কোচিং চেণ্টাৰক পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট লাভ কৰে৷
মেচত প্ৰথমে গ’ল কৰে কাছা ফুটবল কেন্দ্ৰই৷ ৯ মিনিটত ছাছাং হেঙনাৰ পেনাল্টি কিকৰ সহায়ত দলে অগ্ৰগতি লয়৷ কিন্তু ১৩ মিনিটত আছাম ৱাৰিয়ৰ্ছে শিৱম সোণোৱালৰ গ’লৰ সহায়ত মেচত সমতা স্থাপন কৰিবলৈ সক্ষম হয়৷ ৩৫ মিনিটত মহম্মদ আৰিশ ইফামৰ গ’লৰ সহায়ত অসম ৱাৰিযৰ্ছে খেলত ২-১ ৰ অগ্ৰগতি লয়৷ দ্বিতীয়াৰ্ধত দলে আৰু তিনিটা গ’ল দিয়ে৷ ৫১ মিনিটত শিৱমে দ্বিতীয়টো গ’ল দিয়াৰ বিপৰীতে ৰবি কোঁৱৰ আৰু গীতাৰ্থ প্ৰতীম সোণোৱালে ক্ৰমে ৬৮ আৰু ৮০ মিনিটত এটাকৈ গ’ল দি দলৰ জয় নিশ্চিত কৰে৷
আই আই টি গুৱাহাটীৰ খেলপথাৰত অনুষ্ঠিত সৰ্বভাৰতীয় প্ৰতিভাসন্ধানী আন্তঃক্লাব মাণ্ডলিক ফুটবল প্ৰতিযোগিতাখনৰ আজি হোৱা আনখন খেলত শালবাৰী ৰেবেলছ ইউনাইটেড আৰু লুইত ফুটবল একাডেমীয়ে ২-২ গ’লত ড্ৰ’ খেলি পইণ্ট ভগাই লয়৷ মেচত লুইত ফুটবল একাডেমীয়ে আগতীয়াকৈ অগ্ৰগতি লাভ কৰিছিল৷ লালথাছংগাই ১২ আৰু ৩৪ মিনিটত দুটা গ’ল দি দলক অগ্ৰগতি দিয়ে৷ কিন্তু প্ৰথমাৰ্ধ শেষ হোৱাৰ পূৰ্বেই ৪২ মিনিটত গণেশ চৌধুৰীয়ে শালবাৰীৰ হৈ গল কৰি ব্যৱধান ২-১ কৰে৷ আনহাতে, দলৰ হৈ ৮৪ মিনিটত ৰুহিত মুড়াই গল দি মেচখন ড্ৰ ৰূপে সমাপ্ত কৰিবলৈ সক্ষম হয়৷