পলাশবাৰী, সংবাদ ৩৬৫, ১৭ জুন : দক্ষিণ কামৰূপৰ ৰামপুৰ ভাগৱতীপাৰাত এজন সন্দেহজনক লোকক স্থানীয় লোকে গতালে আৰক্ষীক । স্থানীয় লোককেইজনে সন্দেহজনক লোকজনক সোধা পোছ কৰাত লোক জনৰ কথাৰ ওপৰত সন্দেহ ওপজে আৰু লোক জনৰ পৰা কিছু পৰিমাণৰ বিদেশী টকা উদ্ধাৰ কৰে ।

পিছত স্থানীয় ৰাইজে বিজয়নগৰ আৰক্ষী চকীত গোটাই দিয়াৰ লগতে সীমান্ত মহন্ত নামৰ লোক এজনে বিজয়নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । আটকধীন লোক জনে নিজকে ৱেষ্টবেংগলৰ নতুন কাজীপাৰৰ ৰাচিকুল খান পিতা জামাল খান বুলি আৰক্ষীৰ আগত মন্তব্য কৰে ।

ইফালে স্থানীয়লোকৰ মতে সন্দেহযুক্ত ব্যক্তিজন বাংলাদেশী বুলি সন্দেহ কৰে । সম্প্ৰতি বিজয়নগৰ আৰক্ষীয়ে ব্যক্তিজনক সোধাপোছা অব্যাহত ৰাখিছে ।