সাজিদূৰ ৰহমান

নিউজ ডেস্ক : তালিবানৰ সৈন্যৰ সন্মুখত চাৰি সাহসী আফগান মহিলাৰ প্ৰতিবাদ। হাতত প্লে কাৰ্ড লৈ চাৰি সাহসী মহিলাই তালিবানৰ সৈন্যৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা ভিডিঅ’ ভাইৰেল হৈ পৰিছে বিভিন্ন সামাজিক মাধ্যমত। তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰে পৰা আফগানিস্তানৰ বহু ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে যদিও চাৰি মহিলাই সাব্যস্ত কৰা প্ৰতিবাদৰ ভিডিঅ’ই আফগান মহিলাই যে তালিবানৰ ওচৰত সহজে আত্মসমৰ্পণ নকৰে ইয়াক বুজাই দিছে।

সমগ্ৰ বিশ্বৰ চকু এতিয়া আফগানিস্তানৰ ওপৰত। প্ৰায় দুই দশক পিছত তালিবানে পুনৰ আফগানিস্তান শাসন কৰিবলৈ প্ৰস্তুত। ১৫ আগষ্টৰ দিনা ভাৰতবাসীয়ে নিজৰ ৭৫ সংখ্যক স্বাধীন দিৱস উদযাপন কৰি থকা সময়তে আফগানিস্তাবাসীয়ে হেৰুৱাইছিল নিজৰ স্বাধীনতা। ১৫ আগষ্টত তালিবানে আফগানিস্তানৰ ৰাজধানীৰ কাবুল দখলৰ দিশে অগ্ৰসৰ হোৱাৰ লগে লগে আফগানিস্তানবাসীয়ে বুজি উঠিছিল তেওঁলোৰ দেশৰ ভবিষ্যতে কি হ’ব বুলি।

তালিবানে কাবুল দখল কৰাৰ পিছতে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্রফ গণি দেশ এৰি পলায়ন কৰিছিল। আফগানিস্তানৰ লাখ লাখ লোকে তালিবানৰ ভয়ত দেশ এৰি পলায়ন আৰম্ভ কৰিছে। আফগানিস্তানৰ লোক সকলৰ দেশ এৰি পলায়ন কৰাৰ ভয়াবহ দৃশ্য ইতিমধ্যে সমগ্ৰ বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিছে। তালিবানৰ ওচৰত আত্মসমৰ্পণ কৰা আফগান নাগৰিক সকলে বিশ্বৰ সমগ্ৰ দেশকে তেওঁলোকৰ দেশখনক ৰক্ষা কৰাৰ আহ্বান জনাইছে।

যি সময়ত কোনো ধৰণৰ প্ৰতিবাদ আৰু যুদ্ধ নকৰাকৈ আফগানিস্তানৰ চৰকাৰে তালিবানৰ হাতত দেশখনক অৰ্পন কৰিছে সেই সময়তে কিন্তু কেৱল মাত্ৰ চাৰি গৰাকী মহিলাই নিজৰ দেশত তালিবানৰ শাসনৰ বিৰোধ কৰিছে। চাৰি গৰাকী সাহসী আফগান মহিলাই হাতত প্লে কাৰ্ড লৈ তালিবানৰ সৈন্যৰ সন্মুখত তালিবানৰ বিৰোধিতা কৰিছে। এতিয়া এই সাহসী চাৰি গৰাকী আফগান মহিলাৰ ভিডিঅ’ বিশ্বজুৰি ভাইৰেল হৈ পৰিছে।

আফগানিস্তানত তালিবানৰ শাসনৰ মহিলা সকলৰ বাবে কিমান ভয়াবহ হ’ব ইয়াৰ অভিজ্ঞতা আফগান মহিলা সকলে পূৰ্বেই আহৰণ কৰি থৈছে। ১৯৯৬ চনৰ পৰা ২০০১ পৰ্যন্ত আফগান মহিলাই তালিবানৰ নিৰ্যাতনৰ মাজত জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছিল। পুনৰ সেই জীৱন নিবিচাৰে আফগানৰ মহিলা সকল আৰু তালিবানৰ নিৰ্যাতনৰ মাজত জীয়াই থকাতকৈ মৃত্যু উত্তম বুলি অনুভৱ কৰি এই চাৰি গৰাকী মহিলাই সাহসেৰে তালিবান সৈন্যৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে।

উল্লেখ্য যে আফগানিস্তান দখল কৰাৰ পিছতে তালিবানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকক স্বীকৃতি প্ৰদান কৰাৰ বাবে আহ্বান জনাইছে। তালিবানে আশ্বাস দিছে যে এইবাৰ তালিবান আফগানিস্তানৰ মহিলা সকলক সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰিব। মহিলা সকলে বিদ্যালয় আৰু চিকিৎসালয়ত কাম কৰিব পাৰিব, ইছলামিল আইন অনুযায়ী মহিলা সকলক অধিক দিয়া হ’ব বুলি তালিবানে আশ্বাস প্ৰদান কৰিলেও তালিবানক বিশ্বাসত ল’ব পৰা নাই আফগানিস্তানৰ মহিলা সকলে।