গুৱাহাটী, ৮ নৱেম্বৰ, ২০২৩ : এইবাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ জব্দ বুজন পৰিমাণৰ আফিং। বলেৰ’ পিকআপ ভেনৰ গোপন চেম্বাৰৰ পৰা জব্দ ৩৬ কেজি আফিং। আটক চাৰিজন ড্ৰাগছ সৰবৰাহকাৰী (Drugs Paddler)। মণিপুৰৰ পাৰ আফিংখিনি সৰবৰাহকাৰী চাৰিজনে আনিছিল বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী।চাৰিজনক জেৰা অব্যাহত ৰাখিছে।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। এইবাৰ আৰক্ষীৰ চকুত ধূলি দি আফিং সৰবৰাহৰ চেষ্টা চলাই বুজন পৰিমাণৰ আফিংসহ চাৰিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিল।

মহানগৰী গুৱাহাটীত এখন বলেৰ’ পিকআপ ভেনৰ পৰা কামৰূপ আৰক্ষী আৰু এছ টি এফ বাহিনীৰ এটা দলে বুজন পৰিমাণৰ আফিং জব্দ কৰিবলৈ সক্ষম হৈছে। বলেৰ’ পিকআপ ভেনখনৰ পৰা আৰক্ষী আৰু এছ টি এফ বাহিনীয়ে ৩৬ কেজি আফিং জব্দ কৰিছে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষী আৰু এছ টি এফ বাহিনীয়ে মহানগৰীৰ আমিনগাঁৱত বলেৰ’ পিকআপ ভেনখনত তালাচী চলাই এই বুজন পৰিমাণৰ আফিং জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত এই বুজন পৰিমাণৰ আফিংখিনিৰ বজাৰ মূল্য প্ৰায় ৬ কোটি টকা হ’ব বুলি অভিযানকাৰী দলটোৱে অনুমান কৰিছে।

আমিনগাঁৱত লকামৰূপ আৰক্ষী আৰু এছ টি এফ বাহিনীৰ এটা দলে এক গোপন খবৰৰ ভিত্তিত বলেৰ’ পিকআপ ভেনখনত তালাচী চলাই বলেৰ’ পিকআপ ভেনখনত অতি কৌশলেৰে নিৰ্মাণ কৰা গোপন চেম্বাৰৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ আফিং। বলেৰ’ পিকআপ ভেনখনত অতি কৌশলেৰে নিৰ্মাণ কৰা গোপন চেম্বাৰত লুকুৱাই অনা বুজন পৰিমাণৰ আফিংখিনি অভিযানকাৰী দলটোৱে বলেৰ’ পিকআপ ভেনখন কাটি জব্দ কৰে। আফিংখিনি মণিপুৰৰ পৰা সৰবৰাহ কৰি মহানগৰীলৈ আন হৈছিল।

এই বুজন পৰিমাণৰ আফিংখিনিৰ লগতে অভিযানকাৰী দলটোৱে চাৰিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে আইজুল হক, ৰাজু আলী, ছফিকুল আলী আৰু মণ্টুল আলী বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী চাৰিজনক জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে দুই সম্প্ৰদায়ৰ মাজত চলি থকা গোষ্ঠী সংঘর্ষৰ ফলত মণিপুৰ জ্বলি আছে যদিও মণিপুৰৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ ড্ৰাগছৰ সৰবৰাহ অব্যাহত আছে।