গুৱাহাটী, সংবাদ ৩৬৫, ২১ অক্টোবৰ : সোমবাৰৰ ৰাতিপুৱাৰ পৰা ৰাজ্যৰ ৪টা সমষ্টিত ৭ বজাৰ পৰা আৰম্ভ হ’ল উপ-নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। সুৰক্ষা বাহিনীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে বৰ্তমানেও অব্যাহত আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া ।

শোণিতপুৰ জিলাৰ ৭৪ নং ৰঙাপৰা সমষ্টিত ১৯৭টা ভোট গ্ৰহণ কেন্দ্ৰত চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । এই উপ-নিৰ্বাচনত প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব মুঠ ১,৫৪,৫৯৫ ভোটাৰে । ৯টা অতিৰিক্ত সুৰক্ষা বাহিনীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

ইফালে কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীতো পুৱা ৭বজাৰ পৰা ১১ বজালৈ ৩৬.১৮ শতাংশ ভোটাৰৰ ভোটদান ।

সোণাৰি সমষ্টিতো কংগ্ৰেছ আৰু বিজেপি উভয় পক্ষৰ মনোনীত প্ৰাৰ্থীসকলেও নিজ নিজ ভোটাধিকাৰ সাব্যস্ত কৰে ।

বৰপেটাৰ জনীয়া সমষ্টিতো পুৱাৰে পৰা ১১ বজালৈ ২৯.৫৬ শতাংশ ভোটাৰৰ ভোটপ্ৰদান সম্পন্ন হৈছে । সমষ্টিতোৰ ৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে ১ লাখ ৮৮ হাজাৰ ভোটাৰে।