গুৱাহাটী, সংবাদ ৩৬৫, ২১ জুন : কেপ্তেইন ছানাউল্লাহৰ পিছত পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে বিদেশী ন্যায়াধীকৰণ । এইবাৰ বিদেশী ন্যায়াধীকৰণ ৰোষত পৰিল ৰিক্সাচালকৰ পৰিয়াল। সাতগাওঁৰ পুৱেৰুণ পথৰ পৰা গ্ৰেপ্তাৰ কৰা পৰিয়ালটো হৈছে নুৰ হুছেইনে আৰু তেওঁৰ পত্নী চাহাৰা খাতুন আৰু দুটি কণ কণ শিশু সন্তান ।
উল্লেখ্য যে, ওদালগুৰি জিলাৰ লাউদাং গাওঁৰ বাসিন্দা নুৰ হুছেইনে বিশ বছৰ পূৰ্বে গুৱাহাটীলৈ আহি সাতগাওৰ পুৱেৰুণ পথৰ মকিবুৰ ৰহমানৰ ঘৰত পৰিয়াল সহ বসবাস আছিল। ৰিক্সাচলাই জীৱন নিৰ্বাহ কৰা নুৰ হুছেইনৰ বিৰুদ্ধে সাতগাও থানাৰ সীমান্ত শাখাই ২০১৭বৰ্ষত কামৰূপ মহানগৰ জিলাৰ বিদেশী ন্যায়াধীকৰণৰ ৪নং আদালতত এটা গোচৰ তৰে। বিদেশী ন্যায়াধীকৰণ আদালতে জাননী জাৰি কৰাৰ পিছতো নুৰ হুছেইনে আদালতত হাজিৰ হোৱা নাছিল।
অৱশ্যে নুৰ হুছেইনে এজন বন্দৰ অধিবক্তাৰ কাষ চাপিচিল যদিও অধিবক্তা জনে গুচৰটো গুৰুত্ত সহকাৰে লোৱা আছিল। চলিত বৰ্ষৰ মার্চ মাহত কামৰূপ জিলাৰ বিদেশী ন্যায়াধীকৰণৰ ৪নং আদালতে নুৰ হুছেইন সহ তেওঁৰ পত্নীক বাংলাদেশী বুলি ঘোষণা কৰে। আদালতৰ নিৰ্দেশৰ ভিত্তিত সাতগাওঁ থানাৰ সীমান্ত শাখাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা পুৱেৰুণ পথৰ পৰা নুৰ হুছেইন সহ তেওৰ পত্নী চাহাৰা খাতুনক গ্ৰেপ্তাৰ কৰে।
ৰিক্সা চালক জনৰ পৰিয়ালটোক গ্ৰেপ্তাৰ কৰাৰ পিছতেই সাতগাওঁ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নুৰ হুছেইন আৰু তেওৰ পত্নী চাহাৰা খাতুনৰ ভোটাৰ আই ডি , এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা মাটিৰ দলিলকে ধৰি যাৱতীয় নথি পত্ৰ থকাৰ পিছত আদালতে কেনেকৈ বিদেশী সজাব বুলি ঘৰৰ মালিক মকিবুৰ ৰহমানে প্ৰশ্ন উত্থাপন কৰিছে।
পিতৃ মাতৃ তথা পৰিয়ালবৰ্গ যদি স্বদেশী হয় নুৰ হুছেইন আৰু তেওঁৰ পত্নী কেনেকৈ বিদেশী হয় সেয়া মকিবুৰ ৰাহমানে প্ৰশ্ন উত্থাপন কৰিছে।
ইতিমধ্যে নুৰ হুছেইন আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ দুটি শিশু সন্তানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বাংলাদেশী ঘোষিত ৰিক্সা চালকৰ পৰিয়ালটোক মহানগৰ আৰক্ষীয়ে গোৱালপাৰাৰ ডিটেণ্টচন কেম্পলৈ প্ৰেৰণ কৰিছে।