পলাশবাৰী, সংবাদ ৩৬৫, ১২ জুন : ৰাণী আৰক্ষী চকীৰ এক বৃহৎ সফলতা । ৩৮ কিলোগ্ৰাম গাঞ্জাসহ আৰক্ষীৰ জালত পৰিল ৪ গাঞ্জা ব্যৱসায়ী । মেঘালয়ৰ পৰা অসমলৈ চোৰাং গাঞ্জাখিনি আনি থকাৰ সময়তে এক খবৰ অনুযায়ী ৰাণী আৰক্ষী চকীৰ আৰক্ষী বিষয়া বিক্ৰম বসুমতাৰীৰ নেতৃত্বত যোৱা এটি দলে জব্দ কৰে এই বৃহৎ পৰিমানৰ গাঞ্জাখিনি ।

এম এল-০৬-৯০৮০ নম্বৰৰ এখন এল্ট আৰু এএছ-২৫-এচি-৫৬৯৫ নম্বৰৰ এখন মেক্সিম’ ভেনেৰে চোৰাংভাৱে আনি থকা অৱস্থাত অসম-মেঘালয় সীমান্তৱৰ্তী শুকুৰবেৰীয়াত ৰাণী আৰক্ষীয়ে গাঞ্জা,গাড়ীসহ আটক কৰে গাঞ্জা ব্যৱসায়ীকেইজনক । গাঞ্জাখিনিৰ বজাৰ মুল্য প্ৰায় ৫ লাখ টকা হ’ব বুলি অনুমান কৰা গৈছে ।আটকাধীন ৪ গাঞ্জা ব্যৱসায়ী ক্ৰমে মেঘালয়ৰ প্ৰষ্টাৰ মাৰুন,গৰ্দান লিংদহ আৰু ৰাজুৰাম ৰাভা,দুৰ্গা মুণ্ডা ।

সম্প্ৰতি ৰাণী আৰক্ষীয়ে জিন্মাত থকা এই ব্যৱসায়ী কেইজনক জেৰা অব্যাহত ৰাখিছে ৰাণী আৰক্ষীয়ে । দীৰ্ঘদিন ধৰি এনেদৰে চলি আহিছিল চোৰাং গাঞ্জাৰ ৰমৰমীয়া বেহা । লগতে অনাগত দিনতো এনেদৰে গাঞ্জা বিৰোধী অভিযান অব্যাহত ৰাখিব বুলি জনায় আৰক্ষী বিষয়া বিক্ৰম বসুমতাৰীয়ে ।