গৰমৰ দিন আহিলে মুখত ক্ৰীম অকণো লগাব মন নাযায়৷ তাতে মেকআপ লগাব কোনে বিচাৰিব৷ গৰমৰ দিনত বহুত জন্মদিনৰ পাৰ্টী, অফিছ পাৰ্টী থাকে৷ পাৰ্টীত অলপ সাজি-কাছি নগ’লে ভালো নালাগে৷ কিন্তু মুখত কিবা লগালে প্ৰথমে ঘাম ওলাই আৰু তাৰ পিছত মুখখন ৰঙা পৰি বেঙুণীয়া হৈ যায়৷ বহুতৰ ছাই বৰণৰ হয়৷ এনে নহ’বলৈ মুখৰ মেকআপ ট্ৰিক কেইটামান জানি থ’লে ভাল হয়৷ মেকআপ কৰিও যাব পাৰে, অথচ কোনেও গমো নাপাব৷

মেকআপৰ মূলমন্ত্ৰ বেচ বা ফাউণ্ডেছনত থাকে৷ ফাউণ্ডেছনে মেকআপ উজ্জ্বল কৰি তোলাৰ লগতে মেকআপ ধৰি ৰাখে৷ ছালখনত মেকআপ যাতে ভাল লাগে তাৰবাবে এখন কেনভাছ তৈয়াৰ কৰি তোলে৷ মেকআপৰ বেচটো লগোৱা বৰ ট্ৰিকি আৰু জটিল হয়৷ তাৰবাবে বেচৰ বিষয়ে অলপ জানি লোৱাটো ভাল৷ বেচ মেকআপ কেবা প্ৰকাৰৰ হয়৷

১) পনীয়া-তৰল বেচ মেকআপত মুখ্যত পানী, গেৰুৱা মাটিৰ মিহি গুৰা, ৰঞ্জক, কিছুমানত গ্লীছাৰিণ বা তেল থাকে৷ সাধাৰণতে তেল বা গ্লীছাৰিণ নথকা বিধেই ভাৰতীয় বজাৰত পোৱা যায়৷ লেকমে, ৰেভলন, চেম’বৰ আদি কোম্পানীৰ পনীয়া বেচ ভাল৷ চিটুপি নামৰ কোম্পানী এটাৰো পোৱা যায়৷ কিন্তু ডাঠ হয়৷ ওপৰৰ তিনিটা কোম্পানীবোৰ স্বাভাবিক ছালত লগাব ভাল৷ চিটুপি অৱশ্যে খহটা ছাল, শ্যাম বৰণীয়া ছালৰ বাবে ভাল৷

২) ক্ৰীম জাতীয় বেচ প্ৰায় ব্যৱহাৰ কৰা হয়৷ ইয়াত গ্লীচাৰিণ, তেল আৰু গেৰুৱা মাটিৰ লগতে ৰঞ্জক থাকে৷ ইয়াক ছালৰ ওপৰত লগালে ছালত একো নলগোৱা যেন লাগে৷ কিন্তু গ্লীছাৰিণৰ বাবে অত্যন্ত ঘমা হয়৷ ব্ৰাইলন, মেক, মেকআপ প্টুডিঅ’ ক্ৰীম ৰেডছ মেকআপ বেচ পোৱা যায়৷ ইয়াক তৈয়াৰ কৰিবলৈ বহুতো কোম্পানীয়ে চেষ্টা কৰি আছে যদিও ব্যৱহাৰ কৰি ভাল নালাগে বা সুফল পোৱা নাযায়৷

৩)কম্প্ৰেচড পাউদাৰ বা পেন কেক যিকোনো মেকআপ কোম্পানীৰ পোৱা যায়৷ হাইফাই, ব্ৰকলাইন পেন কেক সাধাৰণতে ভাৰতীয় বজাৰত উপলব্ধ৷ ইয়াক অলপ পানীৰ লগত ব্যৱহাৰ কৰিব লাগে৷ অৱশ্যে ইয়াক মিলাব নাজানিলে একেবাৰে বেয়া লাগে৷

৪) ছ’ফেলে বেচ মেকআপ ব্যৱহাৰ কৰিবলৈ অত্যন্ত সহজ আৰু সুফল পোৱা যায়৷ কিন্তু ই সহজ লব্ধ নহয় আৰু যথেষ্ট মূল্যবান৷ অৱশ্যে ইয়াক ব্যৱহাৰ কৰিব জানিব লাগিব৷ লেকমে কোম্পানীয়ে এই বিধ বেচ বজাৰত উলিয়াই দিছিল যদিও ভাল বজাৰ নোপোৱাত পুনৰ বজাৰত উলিয়াই নিদিলে৷ ইচ্ছা কৰিলে অনলাইন অৰ্ডাৰ কৰিব পাৰি৷

গৰম দিনত ছালৰ বাবে মোৰ মতে তৰল বেচ আটাইতকৈ ভাল৷ ইয়াক ব্যৱহাৰ কৰাৰ আগতে ছালখন প্ৰস্তুত কৰি ল’ব লাগে৷ ছালখনত এফপি ১ লেপ সামান্য দৈৰ লগত মিহলাই ৫-১০ মিনিট লগাব৷ অলপ ঘঁহি ঘঁহি এৰাব৷ পানীৰে ভালদৰে ধুৱ৷ যিকোনো নেমু যুক্ত বা পদিনা যুক্ত চাবোনেৰে ভালকৈ ধুব লাগে৷ এফপি ১ লগালে ছালখন শাঁত পৰে, ৰঙ উজ্জ্বল হয় আৰু ছালখন মিহি হয়৷ পদিনা বা নিমে ছালখনক প্ৰতিৰক্ষা দিয়ে আৰু ছালখন চেঁচা কৰি ৰাখে৷

বহুতে ছালত বৰফ লগায়, এচ ট্ৰিজেষ্ট লগাই বা চেঁচা পানী লগায়৷ এনে কৰিলে ছালৰ নোম ছিদ্ৰবোৰ সংকুচিত হয়৷ মেকআপ লগোৱাৰ পিছত যেতিয়া গৰম পায়, একেবাৰতে গোটেই গাম ওলাই চব বেচ পাউদাৰ ধুৱাই নিয়ে৷ ছালখন ছাই বৰণীয়া বা বেঙুনীয়া হৈ পৰে৷ চেলেকা চুবুকা দেখায়, মেকআপ ফাটি যায়৷ পিচত দেখিব বেয়া হয়৷ সেয়ে এনে ধৰণৰ পদাৰ্থ ব্যৱহাৰ নকৰিব৷

এফপি ১ লগাই লাময়স্তুৰীৰ লগাব পাৰে৷ অলপ দেৰি লগাই ৰাখিব৷ যি ঘাম ওলায় ওলাব দিব৷ এগিলাছ আচভ টী (বৰফ দিয়া চাহ), পুদিনাৰ চৰবৎ, ৰোহ আফজা বা গ্লো’কন ডি খাব পাৰে৷ নাৰিকলৰ পানী আৰু ভাল৷ কিছু সময় চাহ খাই ৰিলেস্ক হৈ পৰক৷ কিছু সময়ৰ পিছত ঘাম নোহোৱা হ’ব৷ অলপ ওচৰত থকাখিনি টিচ্যু বা গামোছাৰে টুকি লওঁক৷ এতিয়া এডাল বেচ এফলিকেচাৰেৰে তৰল বেচ ছালত লগাব৷ ঘূৰাই ঘূৰাই বহাই দিব৷ অলপ ফেনৰ সন্মুখত মুখখন ৰাখিব৷ এখন টিচ্যুৰে অতিৰিক্ত খিনি আঁতৰাই দিব৷

বেচৰ ওপৰত নিয়ম মতে পাউদাৰ লগাব লাগে৷ এই পাউদাৰ ছালৰ ঘাম শুঁহি লয়৷ কিন্তু মোৰ মতে গৰম দিনত পাউদাৰ নলগাব৷ অন্যথা ছালত এটা তৰপ সৃষ্টি হয় আৰু গৰম লগাব৷ অৱশ্যে মেকআপ আৰ্টিষ্ট সকলে বিশেষ কিটিপত বেচ আৰু পাউডাৰ লগায়৷ তেখেত সকলে লগালে বেচ ধৰি ৰাখে৷ অৱশ্যে বেচ ফিকছাৰ ব্যৱহাৰ কৰিব পাৰে৷ তেনেহ’লে ছালখনত বেচ লাগি থাকে, ঘামত বৈ নাযায়৷ ছালখনো জিলিকি থাকে৷ অৱশ্যে সদায় বেচ ফিক্সাৰ ব্যৱহাৰ নকৰিব, ছালখন ৰুক্ষ হৈ কুঁচ খাই যাব৷

ইয়াৰ ওপৰত এতিয়া চকু, ওঁঠত মেকআপ কৰিব পাৰে৷ ছালখন সুন্দৰ৷ দেখাকৈ অলপ সুন্দৰ ব্লাশ্বাৰ ব্যৱহাৰ কৰিব পাৰে৷ গৰমত সামান্য ৰঙেই অধিক যেন লগা হয়৷ চকুৰ মেকআপ পাতল ৰাখিব৷ গৰমত শ্বকী আইজ ভাল নালাগে৷ ক’লা দেখাই বেছি বয়স্থ যেন লাগে৷ ওঠৰ লিপষ্টিকো বেছি কাঢ়া নল’ব৷ এনেকৈ বাকীখিনি কৰক যাতে মেকআপ নকৰা যেনেই লাগে৷ চাব প্ৰাকৃতিক সৌন্দৰ্য্য গৰাকী বুলি সকলোৱে ভাবিব৷ গ্ৰীষ্ম কাল বেয়া নহয়, যদিহে অলপ বুদ্ধিৰে চলে৷