গুৱাহাটী, সংবাদ ৩৬৫, ২ ডিচেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষাত ৰঙিয়াৰ চয়নিকা চৌধুৰীৰ বিশেষ সফলতা। অসমীয়া বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি উজ্জ্বলি উঠিল চয়নিকা চৌধুৰী।

চি জি পি এ ৭.৪৪ লাভ কৰিবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকীয়ে। অশেষ চেষ্টা আৰু ধৈৰ্যৰে নিজৰ অধ্যয়ন কৰি যোৱা চয়নিকাৰ সাফল্যত আনন্দিত হৈ পৰিছে ৰঙিয়াবাসী।

সম্প্ৰতি গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষণা কৰাৰ বাবে প্ৰস্তুতি চলাই আছে চয়নিকা চৌধুৰী।

উল্লেখ কৰিব পাৰি যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে বিশ্ববিদ্যালয়ৰ অধীনস্থ বিভিন্ন মহাবিদ্যালয়ৰ মুঠ ৬৮৩গৰাকী প্ৰশিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল এই পৰীক্ষাত। ইয়াৰে ৫৭০গৰাকী প্ৰশিক্ষাৰ্থী উৰ্ত্তীণ হ’বলৈ সক্ষম হৈছে।