নিউজ ডেস্ক, ১১ ডিচেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ সভাপতিত্বত দাৰ্জিলিং হিমালয়ান ৰে’লৱেই এক ভব্য সমাপনী অনুষ্ঠানৰ জৰিয়তে ঘুম উৎসৱ ২০২৫ সফলতাৰে সম্পূৰ্ণ কৰিছে। এই বৰ্ষৰ এই উৎসৱটোৱে এতিয়ালৈকে এক অন্যতম সফল কাৰ্যসূচী ৰূপে পৰিগণিত হৈছে, য’ত প্ৰথমবাৰৰ বাবে কেইবাটাও নতুন অনুষ্ঠান যেনে কাৰ্শিয়াং সাহিত্য উৎসৱ, আইৰন শ্বেৰ্পা হেৰিটেজ ৰান, ধ্ৰুমা সংগীত উৎসৱ, ৰে’লৰ অ’পেন ৰুফ সামূহিক সাংস্কৃতিক প্ৰদৰ্শন আৰু ঐতিহ্যবাহী পদযাত্ৰা, প্ৰদৰ্শনী আৰু শিল্প প্ৰদৰ্শনীৰ এক চিৰিজ অন্তৰ্ভুক্ত আছিল।
অধিক অংশগ্ৰহণেৰে, জনসাধাৰণৰ সহযোগিতাৰে আৰু উল্লেখযোগ্যভাৱে সম্প্ৰসাৰিত কাৰ্যসূচীৰ জৰিয়তে এই উৎসৱে পাহাৰীয়া ঐতিহ্য, সংস্কৃতি আৰু দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ পৰম্পৰাৰ এক উল্লেখনীয় উদযাপন হিচাপে নিজৰ সুনাম অধিক সুদৃঢ় কৰি তুলে। দাৰ্জিলিং হিমালয়ান ৰে’লৱেই ইয়াৰ ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদাৰে এক তাৎপৰ্যপূৰ্ণ সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে ২৬ তম বাৰ্ষিকীও উদযাপন কৰিছে, যাৰ ভিতৰত প্ৰথমে “আইৰন শ্বেৰ্পা হেৰিটেজ ৰান” আয়োজন কৰা হয়, যিটো কেৱল পাহাৰীয়া বাসিন্দাসকলৰ বাবে সুকীয়াভাৱে আয়োজন কৰা হৈছিল আৰু বিখ্যাত দাৰ্জিলিং চৌৰাস্তাৰ পৰা আৰম্ভ হৈ ভাৰতৰ উচ্চতম ৰে’ল ষ্টেচন ঘুমত সমাপ্ত হোৱা এই দৌৰত প্ৰায় ২০০ জন উৎসাহী অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰি স্থানীয় বাসিন্দা আৰু ঐতিহাসিক পাৰ্বত্য ৰেলৱেৰ মাজত থকা স্থায়ী এনাজৰীৰ প্ৰতীক হিচাপে পৰিগণিত হয়।
এই অভূতপূৰ্ব সফলতাৰ পৰা অনুপ্ৰেৰিত হৈ ডিএইচআৰে ঘোষণা কৰিছে যে আইৰন শ্বেৰ্পা হেৰিটেজ ৰান এতিয়াৰ পৰা প্ৰতি বছৰে ৫ ডিচেম্বৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰত ডিএইচআৰৰ নামাকৰণৰ স্মৃতিত এক বাৰ্ষিক অনুষ্ঠান হিচাপে আয়োজিত হ’ব। এই দৌৰৰ পিছত অংশগ্ৰহণকাৰী আৰু অতিথিসকলে দাৰ্জিলিং-ঘুম-দাৰ্জিলিং বিশেষ ৰে’লগাড়ীত আয়োজন কৰা অপেন ৰুফৰ ওপৰত সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰিলে, য’ত পাহাৰৰ প্ৰাণৱন্ত সংগীত, নৃত্য আৰু কলাসূলভ ঐতিহ্য প্ৰদৰ্শিত হৈছিল, যাৰ ফলত এই ভ্ৰমণ ঐতিহ্য আৰু সামূহিক চেতনাৰ এক চলন্ত উদযাপনলৈ পৰিণত হয়।
অনুষ্ঠানত ভাষণ দি দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ সঞ্চালকে সকলো সহযোগী, অংশগ্ৰহণকাৰী আৰু সমৰ্থকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰি ডিএইচআৰৰ নিজৰ সমৃদ্ধ ঐতিহ্য সুৰক্ষিত ৰাখিবলৈ আৰু যিয়ে এই ঐতিহ্যক সঁচাকৈয়ে ব্যতিক্ৰমী কৰি তুলিলে তেওঁলোকৰ সৈতে অৰ্থপূৰ্ণ সংযোগ গঢ়ি তোলাৰ প্ৰতি ডিএইচআৰৰ দায়বদ্ধতাকেই পুনৰ নিশ্চিত কৰিছে।২ ডিচেম্বৰত দুটা আকৰ্ষণীয় অনুষ্ঠানেৰে আৰম্ভ হোৱা ঘুম উৎসৱ ২০২৫ এক উচ্চ পৰ্যায়ৰ জনসঁহাৰিৰে সমাপ্তি ঘটে আৰু ঘোষণা কৰা হৈছে যে পৰৱৰ্তী সংস্কৰণ ২০২৬ চনৰ ২৮ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব। ডিএইচআৰে আইৰন শ্বেৰ্পা হেৰিটেজ ৰান আৰু ঘুম উৎসৱক ঐতিহ্য, স্থিতি, সংস্কৃতি আৰু জনসাধাৰণৰ একতাৰ স্বাক্ষৰ বাৰ্ষিক উৎসৱ হিচাপে গঢ়ি তোলাৰ লক্ষ্য ৰাখিছে।
