গুৱাহাটী, সংবাদ ৩৬৫, ৬ জুন : গ্ল’কেল টীন হিৰ’ ২০১৯ৰ শীৰ্ষ স্থান লাভ কৰে মণিশ্বৰন মহেশ্বৰমে। জি. টি. এইচ ইণ্ডিয়াই আৰম্ভ কৰা এই প্ৰতিযোগিতাৰ প্রথম বছৰটোতেই ১৩৭ জন প্ৰতিযোগীয়ে অংশগ্রহণ কৰে, লগতে এই কিশোৰসকলে(১৩বছৰ পৰা ১৯ বছৰ) বিভিন্ন দিশত নিজৰ অভূতপূর্ব প্ৰতিভাৰ প্ৰদৰ্শন কৰে। প্ৰতিযোগী সকলে সমাজ সেৱা, আই টি, বিজ্ঞান, সাংবাদিকতা, এন্টাৰপ্ৰীন্যুৰ, যুৱ কাৰ্যকৰ্তা, পৰিৱেশ আৰু স্বাস্থ্য ইত্যাদি বিভিন্ন ক্ষেত্ৰত প্ৰতিভা, কৌশল আৰু বিশেষজ্ঞতাৰে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।

বিজয়ী প্ৰতিযোগী গৰাকীক শীৰ্ষ ৬ গৰাকী ফাইনালিষ্ট ক্ৰমে গৰ্বিতা গুলহাটি (১৯ বছৰ, পৰ্যাৱৰণবিদ, অন্ধ প্ৰদেশ), কৌশল তহবিল ( ১৯ বছৰ, যুৱ কাৰ্যকৰ্তা, গুজৰাট), ৰূপম ঘোষ (১৮ বছৰ, এন্টাৰপ্ৰীন্যুৰ, পশ্চিমবংগ), কুনাল চন্দিৰামনি (১৫ বছৰ,এন্টাৰপ্ৰীন্যুৰ, মধ্য প্ৰদেশ) আৰু লক্ষ্য ছাড়া (১৯ বছৰ, এন্টাৰপ্ৰীন্যুৰ, দিল্লী), মাজৰ পৰা নিৰ্বাচিত কৰা হৈছে।
গ্ল’কেল টীন হিৰ’ এনে এখন অনন্য প্লেটফৰ্মখন যিয়ে কিশোৰ সকলক নিজৰ ৰচনাত্মক প্ৰতিভাৰ লগত পৰিচয় হোৱা, লগতে উৎসাহ প্রদান কৰি কিশোৰ সকলক লক্ষ্য প্ৰাপ্তিত সহায় কৰিছে।

২০১৫ চনত নেপালত সফলতা পূৰ্বক ভাৱে গ্ল’কেল টীন হিৰ’ অনুষ্ঠিত হৈ যায় আৰু ইয়াৰ জৰিয়তে প্ৰতিভা সম্পন্ন কিশোৰসকলক লক্ষ্যত উপনীত হোৱাৰ দিশত এই অনুষ্ঠানে পোহৰ প্ৰদান কৰিছে। চাৰি বছৰ ধৰি অনুষ্ঠিত হৈ অহা বিভিন্ন অনুষ্ঠানত গ্ল’কেল টীন হিৰ’য়ে লাভ কৰা সঁহাৰিৰ ফলত কিশোৰ সকলৰ লক্ষ্য প্ৰাপ্তি ক্ষেত্রত কাম কৰিবলৈ উৎসাহিত হৈ পৰিছে জি. টি. এইচ ইণ্ডিয়া।

সেই কাৰণে অধিক প্ৰেৰণাৰে জি. টি. এইচ ইণ্ডিয়াই ৱাই ৱাইৰ সহযোগিতাৰে দেশৰ সীমাৰ বাহিৰতো নেপালতো কিশোৰ সকলৰ সকৰাত্মক দিশত কাম কৰিবলৈ উদ্যমী হৈ পৰিছে। ২০২০ চনত নেপাল পৰ্যটন বিভাগৰ সহযোগত নেপাল ২০২০ আৰু চি ৱাই ডি এৰ জৰিয়তে সমাজৰ বিভিন্ন ক্ষেত্রত প্ৰভাৱিত কৰা সেই কিশোৰসকলক জি. টি. এইচ ইণ্ডিয়াই দিশ প্ৰদান কৰিব।

জি. টি. এইচ ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বিশেষ প্ৰতিযোগিতাৰ ৪ জন সন্মানিত বিচাৰক মণ্ডলীৰ বিচাৰক শ্ৰীযুত দীপক ৰাজ যোশী, চি ই অ, নেপাল পৰ্যটন বিভাগ, উজ্জ্বল কে. চৌধুৰী, ডীন, পাৰ্ল একাডেমী,প্ৰফেছৰ ৰাজেন্দ্ৰ প্ৰসাদ গুপ্তা, শ্রীযুত মেথিউ মাথাম, সম্পাদক, CYDA, প্ৰশানজ্যোতি বৰুৱাই এই বৰ্ষৰ অভূতপূর্ব ৬জন ফাইনেলিষ্টক নিৰ্বাচন কৰে।

এই নিৰ্বাচন প্ৰতিযোগী সকলে পঠোৱা আবেদন পত্রৰ ভিত্তিত লগতে তেওঁলোকৰ সক্ষমতা আৰু কাৰ্যৰ উপযুক্ত প্রমাণৰ ভিত্তিত কৰা হৈছে। প্ৰতিজন ফাইনেলিষ্টক ব্যক্তিগতভাবে সাক্ষাৎকাৰ লোৱাৰ লগতে তেওঁলোকৰ ব্যবহাৰ আৰু যোগ্যতাৰ প্ৰতি লক্ষ্য ৰাখি বিচাৰক মণ্ডলী আৰু মণিশ্বৰন মহেশ্বৰম ৱাই ৱাই গ্ল’কেল টীন হিৰ’ ২০১৯ৰ বিজেতা ঘোষণা কৰে।

এই অনুষ্ঠান গুৱাহাটীৰ হোটেল টাজ ভিভান্টাত সমাজৰ ৰাজনীতি,শিক্ষকতা, এন্টাৰপ্ৰীন্যুৰ ইত্যাদি বিভিন্ন ক্ষেত্রৰ লগত জড়িত থকা ২৫০ৰো অধিক ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হয়।