গোলাঘাট, ৪ অক্টোবৰ, ২০২৪ : অসমত বয়ন কেৱল এটা শিল্প নহয়; এয়া হৈছে শিল্পকলাৰ গভীৰ প্ৰকাশ আৰু সাংস্কৃতিক গৌৰৱৰ জীৱন্ত প্ৰতীক। এই জীপাল মাটিত নিজৰ সৃষ্টিশীলতাৰে অসমীয়া হস্তশিল্পক এক নতুন ৰূপত তুলি ধৰা ৰাজ্যখনৰ হাজাৰ হাজাৰ শিপিনীৰ মাজতেই গোলাঘাট (Golaghat) জিলাৰ বৰপথাৰৰ বৈচিত্ৰ্যপূৰ্ণ গাঁও বৰচাপৰিৰ মহিলাসকলে নিজৰ বয়নেৰে পৰিৱৰ্তনৰ পথ ৰচনা কৰি এক নতুন যুগৰ সূচনা কৰিছে। বয়ন পৰম্পৰাগতভাৱে অসমীয়া সমাজৰ এক প্ৰাচীন সংস্কাৰ আছিল, য’ত মহিলাসকলে ঘৰুৱা দায়িত্বৰ অংশ হিচাপে এই কলাত পাকৈত হোৱাটো প্ৰয়োজনীয় বুলি বিবেচিত হৈছিল। কিন্তু বৰচাপৰিৰ মহিলাসকলে এই সীমাবদ্ধতা অতিক্ৰম কৰি নিজৰ কলাক স্বাৱলম্বীতা আৰু সৱলীকৰণৰ এক শক্তিশালী অস্ত্ৰলৈ ৰূপান্তৰিত কৰিছে। তেওঁলোকে বয়নক কেৱল পৰম্পৰা হিচাপেই নহয়, নিজৰ জীৱন পুনৰ গঢ়াৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছে।

তেনে এক প্ৰেৰণাদায়ক কাহিনী হ’ল বৰ্তমান বৰচাপৰি হস্ততাঁত কেন্দ্ৰৰ এগৰাকী নিপুণ শিপিনী মহিলা শইকীয়াৰ। বৰপথাৰত আত্মসহায়ক গোটসমূহৰ মাজত বহনক্ষম জীৱিকাৰ ব্যৱস্থা কৰাৰ লক্ষ্যৰে কেয়াৰ্ণৰ চি এছ আৰ কাৰ্যসূচীৰ অধীনত এই কেন্দ্ৰটো আৰম্ভ কৰা হয়। ই ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে সমাজৰ সবলীকৰণৰ এক উজ্জ্বল উদাহৰণ হিচাপে পৰিগণিত হৈছে। চাহ জনজাতীয় অঞ্চল হিচাপে পৰিচিত হাজাৰিগাঁও পূৰ্বতে অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান আৰু হস্তশিল্প বিভাগৰ সুবিধাৰ পৰা বঞ্চিত আছিল। এতিয়া অসম চৰকাৰৰ স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰি এই সম্পদসমূহৰ সৈতে এই জনগোষ্ঠীসমূহক সংযোগ কৰাত কেয়াৰ্ণৰ চি এছ আৰ দলটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

এই আঁচনিৰ অধীনত প্ৰতিটো পঞ্জীয়নভুক্ত আত্মসহায়ক গোটে অসমৰ সাংস্কৃতিক প্ৰতীক ২০০০ খনৰো অধিক গামোচা প্ৰস্তুত কৰি আছে আৰু অসম চৰকাৰৰ হস্ততাঁত বিভাগে পোনপটীয়াকৈ প্ৰতিখন গামোচা ২৭০ টকাৰ নিৰ্দিষ্ট মূল্যত ক্ৰয় কৰি আহিছে। মুঠ ২৮ টা আত্মসহায়ক গোটে ৫৬ হাজাৰখন গামোচা প্ৰস্তুত কৰাৰ অৰ্ডাৰ লাভ কৰিছে, যাৰ বাবে প্ৰায় ১.৫১ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে। এই পৰ্যন্ত প্ৰায় ৩০% অৰ্ডাৰ ইতিমধ্যে অসম চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে। এই পদক্ষেপৰ লক্ষণীয় প্ৰভাৱে মহিলা শইকীয়াৰ দৰে স্থানীয় মহিলাসকলৰ আত্মবিশ্বাস আৰু জীৱিকাৰ সুযোগ যথেষ্ট বৃদ্ধি কৰি তুলিছে। তেওঁৰ এই যাত্ৰাৰ আৰম্ভণি ঘটিছিল কিশোৰাৱস্থাৰ পৰাই, যেতিয়া অসম্ভৱ যেন লগা বহু সপোন তেওঁ বুকুত কঢ়িয়াই লৈ ফুৰিছিল।

পুৰণি দিনবোৰৰ স্মৃতি সুঁৱৰি মহিলা শইকীয়াই কয়, “তাঁত বোৱাটো আমাৰ বাবে কেৱল এটা কাম নাছিল; এয়া আছিল আমাৰ ভাগ্যোদয়ৰ এক উপায়।” সপোনক দিঠকলৈ পৰিণত কৰাৰ দৃঢ় সংকল্পৰে মহিলা শইকীয়া আৰু বৰচাপৰিৰ আন মহিলাসকলে হস্ততাঁত কেন্দ্ৰ আৰু স্বনিৰ্ভৰ নাৰী আঁচনিৰ জৰিয়তে নতুন আশা তথা সৱলীকৰণ লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰত্যেকৰ বাবে এটাকৈ জেকাৰ্ড মেচিনকে ধৰি তিনিখন অতিৰিক্ত বয়ন তাঁতশাল প্ৰদান কৰি বহনক্ষম জীৱিকা কাৰ্যসূচী সম্প্ৰসাৰণৰৰ পৰিকল্পনা কৰিছে কেয়াৰ্ণে। ইয়াৰ উপৰিও এলেকা সম্প্ৰসাৰণ, গাঁথনিগত উন্নতি আৰু অধিক আত্মসহায়ক গোটৰ সৈতে সংযোগ স্থাপনৰ জৰিয়তে বৰ্তমানৰ হস্ততাঁত কেন্দ্ৰটো উন্নীত কৰাৰো পৰিকল্পনা কৰা হৈছে।এই পদক্ষেপৰ জৰিয়তে কোম্পানীটোৰ সহায়ত মহিলা হিতাধিকাৰীসকলৰ উৎপাদন দক্ষতা ৩০% বৃদ্ধি পাইছে, যাৰ ফলত তেওঁলোকৰ জীৱিকা উন্নত কৰাৰ নতুন পথ মুকলি হৈছে।

মহিলা শইকীয়াই গৌৰৱেৰে কয়, “নতুন মেচিনবোৰে আমাৰ কাম দ্ৰুত আৰু সহজ কৰি তুলিছে। আগতে এখন গামোচা ববলৈ ২-৩ দিন সময় লাগিছিল; কিন্তু এতিয়া মই এদিনতে ৪-৫ খন গামোচা বব পাৰিছোঁ!” সমান্তৰালভাৱে উৎপাদিত সামগ্ৰীৰ পৰিসৰো বহু পৰিমাণে সম্প্ৰসাৰিত হৈছে আৰু এতিয়া মেখেলা-চাদৰ, চেলেং, শ্বল, ৰুমালকে ধৰি বহুতো নতুন সামগ্ৰী উৎপাদন কৰা হৈছে। প্ৰকল্পটোৰ বাবে বহনক্ষম বজাৰ সংযোগৰ বাবে গুৱাহাটীস্থিত হস্তশিল্পৰ ৰপ্তানি উন্নয়ন পৰিষদ (ই পি চি এইচ)ৰ সৈতে আলোচনা চলি আছে। এই পদক্ষেপে ব্যক্তিগত শিপিনীসকলৰ জীৱন সলনি কৰাৰ সমান্তৰালকৈ সমগ্ৰ সমাজখনতো বিপুলভাৱে প্ৰভাৱিত কৰিছে। এই পদক্ষেপে জীৱন সলনি কৰা ৬০টা আত্মসহায়ক গোট আৰু ৬০০ গৰাকী সৱল মহিলাৰ হৈ মহিলা শইকীয়াই কয়, ”এই হস্তক্ষেপসমূহে আমাক নতুন সপোন দেখিবলৈ আৰু অধিক সাফল্য লাভ কৰিবলৈ সুযোগ দিছে।’’

বৰচাপৰিৰ মহিলা শিপিনীসকলৰ এই সাফল্যৰ কাহিনী সমগ্ৰ গোলাঘাটৰ বাবেই নাৰী সৱলীকৰণৰ এক শক্তিশালী নিদৰ্শন। তেওঁলোকৰ যাত্ৰাই প্ৰমাণ কৰে যে সামূহিক প্ৰচেষ্টা আৰু সুযোগৰ দ্বাৰাই মুকলি হয় প্ৰগতিৰ বাট। তাহানিতেই ড° বি আৰ আম্বেদকাৰে নাৰী সৱলীকৰণৰ বিষয়ে কৈ গৈছিল- ”এখন সমাজৰ প্ৰকৃত প্ৰগতি সেই সমাজখনৰ মহিলাসকলৰ অগ্ৰগতিৰ পৰা বিচাৰ কৰিব পাৰি।” বৰচাপৰিত মহিলাসকলৰ এই পৰিৱৰ্তন কেৱল চকুৰে দেখা পোৱা পৰিৱৰ্তন নহয়, এই পৰিৱৰ্তন গভীৰভাৱে নিহিত হৈ আছে তেওঁলোকৰ জীৱন-ধাৰণৰ পদ্ধতিত।