গুৱাহাটী, ৬ নৱেম্বৰ, ২০২৩ : গৃহৰক্ষী জোৱানৰ বিৰুদ্ধে ডকাইতি কাণ্ড সংঘটিত কৰাৰ অভিযোগ। ১ কেজি সোণ লুটি (Gold Robbery) নিয়াৰ অভিযোগ গৃহৰক্ষী জোৱানৰ বিৰুদ্ধে। অবৈধভাৱে সোণ সৰবৰাহ কৰা চক্ৰৰ পৰা তিনিজন গৃহৰক্ষী জোৱানে সোণ লুটি নিয়াৰ অভিযোগ। সম্প্ৰতি পলাতক অৱস্থাত আছে গৃহৰক্ষী জোৱান তিনিজন। ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ।
ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। চুৰি, ডকাইতি, হত্যা, ধৰ্ষণ, অপহৰণ সাধাৰণ অপৰাধত পৰিগণিত হৈছে ৰাজ্যত। অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে আৰক্ষী প্ৰশাসন বিফল হোৱা অভিযোগ উত্থাপন হৈ থকাৰ মাজতে এইবাৰ খাকী পোছাকধাৰীয়ে সংঘটিত কৰিলে অপৰাধ। সৰ্বসাধাৰণ ৰাইজৰ নিৰাপত্তাত নিয়োজিত হৈ থকা খাকী পোছাকধাৰীয়ে পুনৰ দাগ লগালে খাকী পোছাকত।
পুনৰ খাকী পোছাকধাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুত্বৰ অভিযোগ। এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে খাকী পোছাকধাৰীৰ বিৰুদ্ধে। ১ কেজি সোণ লুটি নিয়াৰ অভিযোগ উত্থাপন হৈছে তিনি খাকী পোছাকধাৰীৰ বিৰুদ্ধে। ৰে’লযোগে অবৈধভাৱে সোণ সৰবৰাহ কৰা সৰবৰাহকাৰীৰ পৰা তিনি খাকী পোছাকধাৰীয়ে ১ কেজি সোণ লুটি নিয়াৰ অভিযোগ উত্থাপন হৈছে।
এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড মহানগৰীত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। মহানগৰীৰ কামাখ্যা ৰে’ল ষ্টেচনত নিয়োজিত তিনিজন গৃহৰক্ষী জোৱানৰ বিৰুদ্ধে উত্থাপন হৈছে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত কৰাৰ অভিযোগ। কামাখ্যা ৰে’ল ষ্টেচনৰ প্লেটফৰ্মত কৰ্মৰত গৃহৰক্ষী জোৱান তিনিজনে ৰে’লযোগে অবৈধভাৱে সোণ সৰবৰাহ কৰা সৰবৰাহকাৰী পৰা ১ কেজি সোণ লুটি নিয়াৰ অভিযোগ।
এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হোৱা গৃহৰক্ষী জোৱান তিনিজন হৈছে ক্ৰমে আকটুল আলী, আজমল আলী আৰু তফিক ৰহমান। কাঞ্চনজংঘা এক্সপ্ৰেছে সোণ সৰবৰাহ কৰা সৰবৰাহকাৰীৰ পৰা তিনি গৃহৰক্ষী জোৱানে ১ কেজি সোণ লুটি নিয়াৰ অভিযোগ। সম্প্ৰতি গৃহৰক্ষী জোৱান তিনিজন পলাতক অৱস্থাত আছে। যোৱা ২৪ অক্টোবৰত সংঘটিত হোৱা এই ডকাইতি কাণ্ড সন্দৰ্ভত জি আৰ পিয়ে এক গোচৰ ৰুজু কৰিছে।