গুৱাহাটী, সংবাদ ৩৬৫, ১৯ মাৰ্চ : ৭২ ঘণ্টাৰ ভিতৰত কৰায়ত্ত আহোম গাঁৱত ডকাইতি কাণ্ড সংঘটিত কৰা ডকাইতৰ দল। ডকাইতি কাণ্ডৰ লগত জড়িত মুঠ ৭ জনক গ্ৰেপ্তাৰ। মহানগৰীৰ ভিন্ন স্থানৰ পৰা ৬ জন আৰু এজনক বাক্সাৰ চিমলাৰ পৰা কৰায়ত্ত কৰা হয় ধৃত ডকাইত কেইজনক।

উল্লেখযোগ্য যে ১৬ মাৰ্চত আহোম গাঁৱৰ অবসৰপ্ৰাপ্ত এছ এছ বি কামাণ্ডেন কাচেম চুলোমানৰ বাসগৃহত হাত ভৰি বান্ধি ডকাইতৰ এটা দলে ডকাইতি কাণ্ড সংঘটিত কৰিছিল । ডকাইতৰ দলটোৰ আটাইকেইজন আছিল ২০ ৰ পৰা ২৫ বছৰীয়া।

ধৃত ডকাইত কেইজন ক্ৰমে গুনেশ্বেৰ বসুমতাৰী ( বাক্সা ) ,গণেশ লামা ( লালুংগাঁও ) ,শংকৰ কৰ্মকাৰ (নগাঁও ),জাবেদ খান ( ছয়গাঁও ) ,ৰন্টো বৰ্মন ( বৰপেটা ) ,মহন্ত ব্ৰহ্ম (বক্সা) ,অংকুৰ ৰাভা ( ওদালগুৰি )। জানিব পৰা অনুসৰি উক্ত যুৱককেইজনে পূৰ্বেও জেলৰ ভাত খাইছে।

ডকাইতৰ দলটোৰ পৰা কেইবাখনো চুৰি, ডেগাৰ, গাড়ীৰ লকভঙা, সামগ্ৰী ,ৰেঞ্জ, ছাবি, মাষ্টাৰ কি, এটিএম , ড্ৰাগছ পুছ কৰা দুটা চিৰিঞ্জ, ৯টা মোবাইলফোন, ৬ খন চিম কাৰ্ড, ৪ টা পেনড্ৰাইভ, দুটা সোনৰ আঙুঠিৰ লগতে এখন আই টেন গাড়ী জব্দ কৰে।