নিউজ ডেস্ক : ৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ দুটা দিন। দুদিন পিছতে দেশবাসীয়ে উদযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ দুটা দিন বাকী থাকোতে সংঘটিত হৈছে এক গ্ৰেণেড বিস্ফোৰণৰ ঘটনা।

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হৈছে এই গ্ৰেণেড বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণত এখন এক্সকেভেটাৰ ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। নাগালেণ্ডৰ মন জিলাৰ ভাৰত-ম্যানমাৰ সীমান্ততৰ লংৱাৰ চেনলিছো বস্তিত এই গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে।

লংৱাৰ চেনলিছো বস্তিৰ এখন জৰাজীৰ্ণ পথ মেৰামতি কৰাৰ বাবে আছাম ৰাইফলছৰ ফালৰ পৰা এক্সকেভেটাৰ প্ৰেৰণ কৰা হৈছিল। পথ মেৰামতিৰ কাম কৰি থকাৰ সময়তে উগ্ৰপন্থী সংগঠনে গ্ৰেণেড বিস্ফোৰণ ঘটায়। ঘটনাৰ লগত নগা উগ্ৰপন্থী সংগঠন জড়িত থকা বুলি জানিব পৰা গৈছে।