গুৱাহাটী, ১০ ফেব্ৰুৱাৰী, ২০২৫ : কেইবাসহস্ৰাধিক ছবিপ্ৰেমীৰ উপস্থিতি, কেইবাখনো মনোগ্ৰাহী ছবিৰ প্ৰদৰ্শনেৰে দেওবাৰে সামৰণি পৰিল গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল (GAFF) ২০২৫ ৰ প্ৰথম সংস্কৰণৰ। এই মহোৎসৱত জোচেফচ চান ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰে। ইফালে, সামৰণি ছবিখনৰ বিশেষ প্ৰদৰ্শনৰ পূৰ্বে অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত ইমতিয়াজ আলী, ৰীমা দাস, অনিৰ আৰু কবীৰ খানৰ পৰিচালনাৰ ছবি ‘মাই মেলব’ৰ্ণ’ প্ৰদৰ্শন কৰা হয়।
উল্লেখ্য যে, ৭ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত আয়োজিত এই ঐতিহাসিক মহোৎসৱত অংশগ্ৰহণ কৰে প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰপ্ৰেমী, সৃষ্টিশীল ব্যক্তিত্ব, আৰু চলচ্চিত্ৰ উদ্যোগৰ পেছাদাৰীসকলে। আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত শ্ৰীলংকাৰ চলচ্চিত্ৰ নিৰ্মাতা প্ৰসন্ন বিথানাগে, ভাৰতীয় মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী শীবা চাড্ডা আৰু চলচ্চিত্ৰ পৰিচালক অ’নিৰকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলে জি এ এফ এফৰ তিনিদিনীয়া আলোচনা চক্ৰত অংশগ্ৰহণ কৰে।
দেওবাৰে ছবি নিৰ্মাতা অ’নিৰে এক মুকলি আলোচনাত ভাগ লৈ সমাজৰ প্ৰতিফলন হিচাপে ছবিৰ ভূমিকা, সক্ৰিয়তা, আৰু চিনেমাত এলজিবিটিকিউ+ কাহিনীৰ প্ৰতিনিধিত্বৰ বিষয়ে নিজৰ মতামত দাঙি ধৰে। সাংবাদিক মৃণাল তালুকদাৰৰ সৈতে এক আকৰ্ষণীয় আলোচনাত অ’নিৰে কয় যে বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ পিছতো প্ৰকাশ্যে সমকামী চলচ্চিত্ৰ নিৰ্মাতা হিচাপে তেওঁ বিভিন্ন সংগ্ৰামৰ সন্মুখীন হ’বলগীয়া হৈছে। তেওঁ চেঞ্চৰশ্বিপৰ জটিলতা আৰু এলজিবিটিকিউ+ বিষয়ক কেন্দ্ৰ কৰি সমাজৰ হেঁচাত কাম কৰাৰ প্ৰত্যাহ্বানসমূহৰ ওপৰতো আলোকপাত কৰে।
সন্ধিয়া সামৰণি অনুষ্ঠানত উত্তৰ-পূব ভাৰতৰ ছবিৰ বাবে বিশেষ প্ৰতিযোগিতামূলক শাখাত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালনা আৰু শ্ৰেষ্ঠ অভিনয়ৰ বঁটা প্ৰদান কৰা হয়। এই শাখাত উত্তৰ-পূৰ্বাঞ্চলৰ ৬ খন ছবিয়ে প্ৰতিদ্বন্দ্বিতা কৰি অঞ্চলটোৰ বৈচিত্ৰময় কাহিনী আৰু চিনেমাৰ উৎকৰ্ষতা প্ৰদৰ্শন কৰে। বঁটা বিজয়ীসকল হ’ল, শ্ৰেষ্ঠ চলচ্চিত্ৰ জোচেফচ চান (হাওবাম পবন কুমাৰ), শ্ৰেষ্ঠ পৰিচালক শ্ৰুতিস্মৃতি চাংকাকতি (বিফ’ৰ স্প্ৰিং), শ্ৰেষ্ঠ সম্পাদনা ৰন্টু চেতিয়া (এটা নিৰ্জন দুপৰীয়া), শ্ৰেষ্ঠ সংগীত ৰেউবেন মাছাংভা (জোচেফচ চান), শ্ৰেষ্ঠ চিত্ৰনাট্য অমৰদীপ গগৈ (কো’লাজ), শ্ৰেষ্ঠ অভিনয় দীপজ্যোতি কাকতি (বিফ’ৰ স্প্ৰিং), শ্ৰেষ্ঠ শব্দ ডিজাইন কালেশ লক্ষ্মণ আৰু বাম্বী (বিফ’ৰ স্প্ৰিং), শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী জয়ন্ত মাথাৱন (বিফ’ৰ স্প্ৰিং), জুৰীৰ বিশেষ উল্লেখ (পাৰফৰ্মেন্স) মিনাক্ষী কলিতা (এমেচাৰ), জুৰীৰ বিশেষ উল্লেখ (চিনেমেট’গ্ৰাফী) নাহিদ আহমেদ (কো’লাজ)
এই মহোৎসৱ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জি এ এ এফ ২০২৫ ৰ সন্মানীয় মহোৎসৱৰ পৰিচালক আই এ এছ মনিতা বৰগোঁহাঞিয়ে কয়, “বিগত তিনিদিন কেইবা শতাধিক চলচ্চিত্ৰপ্ৰেমীৰ সৈতে মত বিনিময় আৰু চিনেমাৰ বিষয়ে আলোচনা কৰাটো সঁচাকৈয়ে এক অনন্য অভিজ্ঞতা। চিনেমাৰ প্ৰতি সকলোৰে আবেগ, উৎসাহ আৰু প্ৰেমে আমাক অনুপ্ৰাণিত কৰিছে। জি এ এফ এফ ২০২৫ ক এক অৰ্থপূৰ্ণ আৰু উজ্জ্বল মঞ্চ হিচাপে গঢ়ি তোলাত সহায় কৰা প্ৰতিগৰাকী চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী, স্বেচ্ছাসেৱক আৰু দৰ্শকৰ প্ৰতি মই গভীৰভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই মহোৎসৱ কেৱল ছবি প্ৰদৰ্শনৰ মঞ্চ নহয়, এয়া সংস্কৃতি আৰু কাহিনী উপস্থাপনৰ বাবেও এক আন্তঃৰাষ্ট্ৰীয় মঞ্চ। অহা বছৰ আৰু অধিক ডাঙৰ আৰু ৰোমাঞ্চকৰ সংস্কৰণ আগবঢ়াবলৈ আমি আগ্ৰহী হৈছোঁ!”
জি এ এফ এফ ২০২৫ক বাস্তৱত পৰিণত কৰাত কেইবাটাও সংস্থাই সহায়ক ভূমিকা পালন কৰিছে। ট্ৰেণ্ডিং নাও মিডিয়াৰ উদ্যোগত জি এম ডি এৰ দ্বাৰা পৰিচালিত এই মহোৎসৱত সহযোগিতা আগবঢ়াইছে ইণ্ডিয়ান অইল, এন আৰ এল, অইল ইণ্ডিয়া লিমিটেড, অসম পৰ্যটন, বড়োলেণ্ড পৰ্যটন, চ’নী, নিকন, পূৰবী ডেইৰী, লাইফছ পাৰ্পল পি আৰ, ট্ৰেভেলছ প্ৰ’ আৰু মডাৰ্ণ ইংলিছ স্কুলে। ইয়াৰ উপৰিও প্ৰিয়া কমিউনিকেচনে এই মহোৎসৱত আউটড’ৰ প্ৰমোচন পাৰ্টনাৰ হিচাপে সহযোগ আগবঢ়ায়।
এই মহোৎসৱত সমগ্ৰ এছিয়াৰ পৰা ২০০ৰো অধিক দাখিল কৰা চলচ্চিত্ৰৰ পৰা নিৰ্বাচিত ২৫ খন চিন্তাশীল আৰু প্ৰভাৱশালী পূৰ্ণদৈৰ্ঘ্যৰ ছবি প্ৰদৰ্শন কৰা হয়। জি এ এফ এফ ২০২৫ চলচ্চিত্ৰৰ প্ৰদৰ্শনীৰ সমান্তৰালভাৱে বিভিন্ন এছিয়ান সংস্কৃতি আৰু কলাত্মক ধাৰণাক সংযোগ কৰাৰ এক সমৃদ্ধ ক্ষেত্ৰ হিচাপেও পৰিগণিত হয়, য’ত ইৰাণ, নেপাল, উজবেকিস্তান, কাজাখস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফিলিপাইনছ, শ্ৰীলংকা, তুৰস্ককে ধৰি এছিয়াৰ বিভিন্ন প্ৰান্তৰ ছবিসমূহ প্ৰদৰ্শনৰ দ্বাৰা শিল্প, সংস্কৃতি আৰু চলচ্চিত্ৰ শৈলীৰ এক অভূতপূৰ্ব আদান-প্ৰদানৰ পৰিৱেশ গঢ়ি উঠে।