গুৱাহাটী, সংবাদ ৩৬৫, ১২ ডিচেম্বৰ : মহানগৰীত সান্ধ্য আইন, সেনাৰ ফ্লেগ মাৰ্চ তাৰ পিছতো অব্যহত আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীবাসী প্ৰতিবাদ। হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদী সমদলৰ লগতে ৰাজপথৰ ওপৰত টায়াৰ জ্বলাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যহত মহানগৰবাসীৰ।

বুধবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক যদিও ৰাজ্যসভাত গৃহীত হয়, এই বিধেয়কখনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে বৰ্তমানেও প্ৰতিবাদ অব্যহত আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীবাসী ৰাইজ এটিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথত। হাজাৰ হাজাৰ জনসাধাৰণৰ লগতে মহানগৰীৰ ছাত্ৰ সমাজ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসনৰ সকলো বাধা নেওচি প্ৰতিবাদ অব্যহত ৰাখিছে। আজিও মহানগৰীৰ গণেশগুৰি, খ্ৰীষ্টিয়ানবস্তি, ভঙাগড়, ছাইমাইল লাষ্টগেটত বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কাহিলিপাৰাৰ লগতে মহানগৰীৰ বিভিন্ন প্ৰান্তত স্থানীয় নাগৰিকে পথৰ ওপৰত টায়াৰ জ্বলাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়।

মহানগৰীৰ গণেশগুৰিৰ পৰা হাজাৰ হাজাৰ লোকে নাহৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এক প্ৰতিবাদ সমদল উলিয়াই জি এছ ৰোডলৈ ওলাই আহে। আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক ছত্ৰভংগ দিয়াৰ বাবে কন্দুৱা গেছ প্ৰয়োগ কৰে যদিও প্ৰতিবাদকাৰী সকলৰ প্ৰতিবাদী যাত্ৰা স্তব্ধ কৰাত অসক্ষম হয়।

ইফালে আছুৰ উদ্যগত লতাশিল খেলপথাৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই বিশাল গণসমাবেশৰ আয়োজন কৰা হয়। এই প্ৰতিবাদী গণ সমাবেশত কেইবাহাজাৰ লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আছুৰ এই গণ সমাবেশত অভিনেতা যতীন বৰাই অংশগ্ৰন কৰি বিজেপি দল ত্যাগ কৰে।