গুৱাহাটী, ১ জুন, ২০২৪ : গুৱাহাটী চিটী এফ চিয়ে (Guwahati City FC) গুজৰাটৰ বদোদৰাত অনুষ্ঠিত হ’ব লগা এআইএফএফ ফুটছাল ক্লাব চেম্পিয়নশ্বিপ ২০২৩-২৪ ত অংশগ্ৰহণ কৰিবলগীয়া ফুটছাল দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে কনচো তাশ্বিক। ফুটছালৰ আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতাসম্পন্ন এ এফ চি ফুটছাল লেভেল ১ প্ৰশিক্ষক তাশ্বিয়ে ভাৰতীয় ৰাষ্ট্ৰীয় ফুটছাল দলৰ সহকাৰী মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহক কৰিছিল।

অৰুণাচল প্ৰদেশৰ টাৱাঙৰ জ্ঞানখৰ গাঁৱৰ তাশ্বিয়ে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত তাজিকিস্তানত অনুষ্ঠিত হোৱা প্ৰথম এছিয়ান ফুটছাল চেম্পিয়নশ্বিপ (কোৱালিফায়াৰ)ত অংশগ্ৰহণ কৰা ভাৰতীয় ৰাষ্ট্ৰীয় পুৰুষ ফুটছাল দলৰ সহকাৰী মেনেজাৰ হিচাপে নিযুক্তি লাভ কৰিছিল৷ যোৱা বছৰ ইটানগৰৰ ক্লাব কেপিটেল কমপ্লেক্স এফ চিৰ মুখ্য প্ৰশিক্ষক হিচাপে তেওঁ ফুটছাল ক্লাব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল। বৰ্তমান তাশ্বি অৰুণাচল প্ৰদেশ ফুটবল সন্থাৰ ফুটছাল আৰু তৃণমূল উন্নয়ন সমিতিৰ সহকাৰী মেনেজাৰ।

তাশ্বিৰ নিযুক্তি সন্দৰ্ভত জিচিএফচিৰ সঞ্চালক কৌস্তব চক্ৰৱৰ্তীয়ে কয়, “আমি তাশ্বিক আমাৰ ফুটবল দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দি অতি সুখী আৰু আশা কৰিছো যে তেওঁৰ দক্ষতা আৰু অভিজ্ঞতাই আমাৰ যুৱ দলটোক দেশৰ শীৰ্ষ ফুটছাল ডিভিজনত সফল হোৱাত সহায় কৰিব”। উল্লেখ্য যে ২২ জুনৰপৰা আৰম্ভ হ’ব দেশৰ এই শীৰ্ষতম ক্লাব ফুটছাল প্ৰতিযোগিতা।